ৰিয়ান-ৰুতুৰাজৰ যুঁজ : ফাইনেলত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে আজি মহাৰাষ্ট্ৰৰ বিৰুদ্ধে নামিব অসম

0
214

বিজয় হাজাৰে ট্ৰফীত দুৰ্দান্ত প্ৰদৰ্শন অব্যাহত ৰখা অসমে আজি ছেমি ফাইনেলত মুখামুখি হ’ব সুন্দৰ ফৰ্মত থকা আন এটা ঘৰুৱা দল মহাৰাষ্ট্ৰৰ বিৰুদ্ধে।

কোৱাৰ্টাৰ ফাইনেলত জন্মু-কাশ্মীৰক হৰুৱাই ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছিল কুনাল শইকীয়া নেতৃত্বাধীন অসমে।

দলৰ প্ৰতিভাৱান অলৰাউণ্ডাৰ ৰিয়ান পৰাগৰ দুৰ্দান্ত আৰু ঋষভ দাসৰ অনবদ্য শতকৰ সহায়ত অসমে সহজে পৰাজিত কৰিছিল জন্মু-কাশ্মীৰক।

উল্লেখ্য যে, ছেমি ফাইনেলত মুখামুখি হ’বলগীয়া মহাৰাষ্ট্ৰৰ দলটোত আছে অত্যন্ত প্ৰতিভাৱান বেটাৰ ৰুতুৰাজ গায়কৱাড়, ৰাহুল ত্ৰিপাঠী, অভিজ্ঞ কেদাৰ যাদৱ আদিৰ দৰে তাৰকা।

সেয়ে এইসকল অভিজ্ঞ বেটাৰৰ বিৰুদ্ধে অসমৰ বলাৰে কি ৰণনীতি প্ৰস্তুত কৰে সেয়াহে লক্ষ্যণীয় হৈ ৰ’ব।

ৰিয়ান পৰাগৰ বিস্ফোৰক শতকৰ চৰ্চা চলি থকাৰ মাজতে ৰুতুৰাজ গায়কৱাড়ৰ দমনীয় বেটিং প্ৰদৰ্শনো বৰ্তমান সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰি আছে।

ৰুতুৰাজে কোৱাৰ্টাৰ ফাইনেলত এক অ’ভাৰত ৭টা ছিক্সেৰে অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে। চলিত বিজয় হাজাৰে ট্ৰফীত ৰুতুৰাজ আৰু ৰিয়ান সুন্দৰ ফৰ্মত আছে।

উল্লেখ্য যে, যদিহে আজিৰ ছেমি ফাইনেল মেচখনত মহাৰাষ্ট্ৰক পৰাস্ত কৰিবলৈ সক্ষম হয় তেন্তে ইতিহাস সৃষ্টি কৰি দ্বিতীয়বাৰৰ বাবে বিজয় হাজাৰে ট্ৰফীৰ ফাইলেত স্থান নিশ্চিত কৰিবলৈ সক্ষম হ’ব পূৰ্বোত্তৰৰ শক্তিশালী দল অসম।