29 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    আহি আছে বিদ্যা বালনৰ নতুন ছবি ‘শ্বেৰণী’, ট্ৰেইলৰ চাই আপুনিও হ’ব আপোন পাহৰা…

    আহি আছে বিদ্যা বালনৰ নতুন ছবি ‘শ্বেৰণী’, ট্ৰেইলৰ চাই আপুনিও হ’ব আপোন পাহৰা…

    আহি আছে বিদ্যা বালনৰ নতুন ছবি শ্বেৰণী ।এই ছবিখনৰ ট্ৰেইলৰ ইতিমধ্যে মুকলি কৰা হৈছে। ছবি খনৰ ট্ৰেইলৰত দেখিবলৈ পোৱা অনুসৰি বিদ্যা বালনে ফৰেষ্ট অফিচাৰৰ চৰিত্ৰত অভিনয় প্ৰদৰ্শন কৰিছে।ছবিখনৰ ট্ৰেইলৰে দৰ্শকৰ মাজত যথেষ্ঠ জনপ্ৰিয়তা অৰ্জন কৰা দেখা যায়।

    অমিত মসুৰকৰৰ দ্বাৰা নিৰ্দেশিত এই ছবিখনত বিদ্যা বালনে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।বিদ্যা বালনৰ দ্বাৰা অভিনীত এই ছবিখন অটিটি প্লেটফৰ্ম এমাজন প্ৰাইম ভিডিঅত মুক্তি লাভ  কৰিব।

    উল্লেখ্য যে, প্ৰায় এবছৰৰ পিছত বিদ্যা বালনৰ ছবি মুক্তি লাভ কৰিব। এই ট্ৰেইলৰৰ আৰাম্ভণী জংঘলৰ পৰা হয়।যত সিংহক ধৰিবলৈ বিদ্যা বালনক নিযুক্ত কৰা হয়। সেই গাঁৱৰ মানুহখিনি সিংহৰ পৰা অতি ভয় খাই থাকে।

    এই ছবিখনৰ এটা বিশেষত্ব এয়া যে ইয়াত জংঘলৰ মহত্বৰ বিষয়েও দেখুওৱা হৈছে।ছবিখনৰ ২ মিনিট ১৬ ছেকেণ্ডৰ ট্ৰেইলৰ মুক্তি কৰা হৈছে।ছবিখন ১৮ জুনত মুক্তি লাভ কৰিব।

    আৰু পঢ়ক : জানেনে…কৰণ জোহৰক এগৰাকী প্ৰাক্তন মিছ ইণ্ডিয়া তথা বলীউড অভিনেত্ৰীয়ে ৩ বাৰকৈ বিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং