ভিডিঅ’টো চাগৈ আপুনিও দেখিছে। ইন্টাৰনেটত ইতিমধ্যে ভাইৰেল হৈ পৰিছে। এগৰাকী কইনাৰ দুৰ্বাদল কাজিয়া। এইয়া কোনো সাধাৰণ কাজিয়া নহয়, ইজনে-সিজনক বগৰাই দিছে। একাংশ লোকে চাই আছে সেই কাজিয়া। কইনাই বগা ৰঙৰ চাদৰ-মেখেলা পৰিধান কৰি আছিল।
গ্ৰেট ব্ৰিটেইনৰ দক্ষিণ ৱেলছত এই ঘটনাটো ঘটিছে। কইনাগৰাকীৰ নাম জ’ দালিম’ৰ। শুকুৰবাৰে ডেভিদ নামৰ এগৰাকী লোকৰ সৈতে তেওঁৰ বিয়া হৈ গৈছে। দেওবাৰে তেওঁ কাজিয়াত লিপ্ত হোৱা এখন আলোকচিত্ৰ ভাইৰেল হৈ পৰিছিল। চৰ্চা চলিছিল ফটোখনক লৈ। বিভিন্নলোকে এই প্ৰসংগত মতামতো প্ৰকাশ কৰিছিল।
অৱশ্যে এই সমগ্ৰ ঘটনাৰ প্ৰসংগত শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কেৱল এখন কাজিয়া ভাঙিবলৈহে চেষ্টা কৰিছিল বুলি জানিবলৈ দিছে কইনাগৰাকীয়ে। ”আমি তেতিয়া খোজ কাঢ়ি যোৱাৰ বাবে আৰম্ভ কৰিছিল। আমাৰ বিবাহ অনুষ্ঠান আয়োজন কৰা পেনলান ৰাগবি ক্লাব পাবলৈ কেৱল ১০ মিনিটৰ পথ আছিল।”
লগতে তেওঁ কৈছে, ”আমি যেতিয়া খোজ কাঢ়ি আছিলো তেতিয়া দেখিছিলো ক্লাৱৰ বাহিৰত একাংশ লোকে বাকযুদ্ধত লিপ্ত হৈ আছিল। মই তেতিয়ালৈকে একোকে জনাই নাছিলো তেওঁলোকে কি কৰি আছে আৰু কিয় কাজিয়া লাগি আছে। মই আমাৰ শুভ দিনটোত একো নকৰি সেই স্থানৰ পৰা তেওঁলোকক শান্ত হবলৈ কৈ গুচি গৈছিলো।”
ভিডিঅ’টোত প্ৰকাশ পোৱা অনুসৰি মহিলাগৰাকীয়ে বগৰা-বগৰি লাগিছিল। অৱশ্যে তেওঁ কাজিয়াৰ সময়ত নিজেও আঘাট নোপোনৱাৰ লগতে আনকো আঘাট কৰা নাই বুলি সদৰি কৰে। ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে ৰাগবি ক্লাৱেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকে ক্লাৱৰ চৌহদত এখন কাজিয়া হৈছিল আৰু এই কথা আৰক্ষীক অৱগত কৰা বুলি জানিবলৈ দিছে।