26 C
Guwahati
Tuesday, September 27, 2022
More

    টেট শিক্ষকৰ চাকৰিৰ পৰা নিলম্বন ভিক্টৰ দাস, লগতে কাৰাগাৰৰ পৰা মুক্তি পাইয়ে প্ৰথমটো পোষ্ট

    টেট শিক্ষকৰ চাকৰিৰ পৰা নিলম্বন ভিক্টৰ দাস, লগতে কাৰাগাৰৰ পৰা মুক্তি পাইয়ে প্ৰথমটো পোষ্ট

    টেট শিক্ষক হিচাপে নিযুক্তি পোৱা ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। শিক্ষা বিভাগে চাকৰিৰ পৰা নিলম্বন কৰে দাসক। শিক্ষা সঞ্চালকালয়ৰ এই হঠকাৰী সিদ্ধান্ত।

    জিলা প্ৰাথমিক শিক্ষা বিষয়াই নিলম্বন কৰিলে ভিক্টৰ দাসক। কামৰূপ জিলাৰেই কমলপুৰৰ পানীটেমা ৰাধাকৃষ্ণ মিলন প্ৰাথমিক বিদ্যালয়ৰ টেট শিক্ষক আছিল ভিক্টৰ দাস।

    চৰকাৰী চাকৰি কৰাৰ উপৰি ভিক্টৰ দাসে চলাইছিল এটা ক’চিং চেণ্টাৰ। যি ক’চিং চেণ্টাৰত চৰকাৰী চাকৰি লাভ কৰাৰ সুবিধা হোৱাকৈ শিক্ষা দিছিল । সেই ভিক্টৰ দাসেই অভিযোগ উত্থাপন কৰিছিল এইবাৰৰ চৰকাৰৰ ৩য় আৰু ৪ৰ্থ পদতো খেলিমেলি হোৱা বুলি।

    যাৰ বাবেই নিযুক্তি কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ দাস। গ্ৰেপ্তাৰৰ পাছতে ৭ দিনৰ আৰক্ষী জিম্মাত থকাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাত অৱশেষত দুদিন পূৰ্বে অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল ভিক্টৰে।

    আৰু জামিনৰ পাছতে আজি চাকৰিৰ পৰা নিলম্বনৰ খবৰ। অসম সেৱা নিয়ম ১৯৬৪ ৰ দফা ৬ৰ (১) আৰু (২)ৰ অধীনত নিলম্বন কৰা হয় ভিক্টৰক।

    আনহাতে নিলম্বনৰ পাছতে সামাজিক মাধ্যমত এক পোষ্ট কৰে ভিক্টৰ দাসে। কাৰাগাৰৰ পৰা জামিনৰ পাছতে এয়া প্ৰথমটো পোষ্ট কৰে ভিক্টৰে।

    পোষ্টটোত ভিক্টৰে সেই সকল লোকক ধন্যবাদ জনাই যি সকলে তেঁওক সহায় সহযোগ কৰে। ইয়াৰ ভিতৰত আছে ভিক্টৰৰ পিতৃ-মাতৃ, ছাত্ৰ-ছাত্ৰী সকল লগতে অভিভাৱক সকল, অসম আৰক্ষী বিশেষকৈ পানবজাৰ আৰক্ষীৰ আৰক্ষী বিষয়া সকল।

    লগতে কয় যে, তেঁও এগৰাকী সাধাৰণ শিক্ষক যিয়ে কেৱল তেখেতৰ শিক্ষাৰ্থীসকলক ভাল পায়। শেষত কয়- ‘মোক এজন শিক্ষাবিদ হ’বলৈ দিয়ক… লগতে মই প্ৰতিশ্ৰুতি দিছো যে মই মোৰ শিক্ষাৰ্থীসকলক শেষ উশাহ থকালৈকে সহায় কৰিম”।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং