ভুৱা নম্বৰ প্লেটৰ বাইকেৰে চাৰা আলী খানক ফুৰাই আছিল বিকি কৌশলে, অভিযোগ দাখিল

0
6713
ভুৱা নম্বৰ প্লেটৰ বাইকেৰে চাৰা আলী খানক ফুৰাই আছিল বিকি কৌশলে

ভুৱা নম্বৰ প্লেটৰ বাইকেৰে চাৰা আলী খানক ফুৰাই আছিল বিকি কৌশলে, অভিযোগ দাখিল

বলিউডৰ জনপ্ৰিয় অভিনেতা বিকি কৌশল আৰু অভিনেত্ৰী চাৰা আলী খান অভিনীত লুকা ছিপি-২ ছবিখনৰ এটা দৃশ্যই বিশেষ চৰ্চাৰ বিষয়বস্তু হৈ পৰিছে।

এই ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত কৰা এটা দৃশ্যৰ বাবে থানাত এটা অভিযোগ দাখিল কৰা হৈছে।

অভিযোগত উল্লেখ কৰা হৈছে যে অভিনেতা বিকি কৌশলে যিখন গাড়ীত চাৰা আলী খানক ফুৰাই আছিল সেই গাড়ীখনৰ পঞ্জীয়ন নম্বৰ ভুৱা। এই নম্বৰৰ প্ৰকৃত গৰাকীয়ে ইয়াৰ বিষয়ে অভিযোগ কৰে।

উল্লেখ্য যে বলিউড অভিনেতা বিকি কৌশল আৰু অভিনেত্ৰী চাৰা আলী খান লুকা ছিপি-২ ছবিৰ দৃশ্যগ্ৰহণৰ বাবে ইন্দোৰলৈ আহিছিল।

চিনেমাখনৰ কিছুমান দৃশ্য ইয়াত দৃশ্যগ্ৰহণ কৰা হৈছিল। ইয়াৰ এটা দৃশ্যত, অভিনেতা বিকি কৌশলে অভিনেত্ৰী চাৰা আলী খানক মটৰ চাইকেলেৰে প্ৰশিক্ষণ কেন্দ্ৰলৈ লৈ যোৱা দেখা যায়।

কিন্তু তেওঁ চাৰা আলী খানক কঢ়িয়াই নিয়া মটৰ চাইকেলখনৰ নম্বৰ প্লেট ভুৱা বুলি পোহৰলৈ আহে।

এই ঘটনাটো সন্দৰ্ভত পৰিবহন বিষয়াই কয় যে চলচ্চিত্ৰ নিৰ্মাতাসকলে অবৈধ কাম কৰিছে আৰু বিষয়টো তদন্ত কৰা হ’ব।

প্ৰকৃত স্কুটিখনৰ নম্বৰটো হৈছে এমপি-০৯-ইউএল-৪৮৭২। গাড়ীখন ২০১৮ চনৰ ২৫ মে’ত ক্ৰয় কৰা হৈছিল। চলচ্চিত্ৰ নিৰ্মাতাসকলে দৃশ্যগ্ৰহণৰ সময়তো এই নম্বৰটো ব্যৱহাৰ কৰিছিল।

স্কুটিখনৰ প্ৰকৃত গৰাকীয়ে কয় যে যদি সেই মটৰ চাইকেলখনৰ পৰা দুৰ্ঘটনা হয়, কোন দায়ী হ’ব? নম্বৰটো মোৰ নামত পঞ্জীয়ন হৈ আছে ময়ে অসুবিধাত পৰিম। এতিয়া ঘটনাটোৰ তদন্ত চলি আছে।

আৰু পঢ়ক : ক্ষীণাই গৈছে উত্তৰ কোৰিয়াৰ শাসক কিম জং উন, নৱবৰ্ষত ফটো হ’ল ভাইৰেল