কোন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি, আজি উপ-ৰাষ্ট্ৰপতি ২০২২ নিৰ্বাচন, পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ভোটগ্ৰহন
ৰাষ্ট্ৰপতিৰ পাছত এইবাৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন। পাছে কোন হব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি। আজি পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ সংসদ ভৱনত অনুষ্ঠিত হৈ আছে ভোটগ্ৰহন।
এইবাৰ উপ-ৰাষ্ট্ৰপতি পদৰ মূল যুঁজ হ’ব এনডিএ প্ৰাৰ্থী জগদীপ ধনখড় আৰু বিৰোধী প্ৰাৰ্থী মাৰ্গাৰেট আলভাৰ মাজত।
এই বছৰ, উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে,নিৰ্বাচনী কলেজত ৰাজ্যসভাৰ ২৪৫ গৰাকী সদস্য আৰু লোকসভাৰ ৫৪৩ গৰাকী নিৰ্বাচিত সদস্য আছে। নিৰ্বাচন আয়োগৰ মতে, প্ৰতিজন সদস্যৰ ভোটৰ মূল্য একে হ’ব। ভোটদান গোপন ভোটাধিকাৰৰ দ্বাৰা অনুষ্ঠিত হ’ব।
বৰ্তমানলৈকে, জগদীপ ধনখড় উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ আশা প্ৰৱল বুলি অনুমান কৰা হৈছে, কিয়নো ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) লোকসভাত ৩০৩ জন আৰু ৰাজ্যসভাত ৯১ গৰাকী সদস্য আছে।
যাৰ ফলত পশ্চিম বংগৰ প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে ৫০০ তকৈও অধিক ভোট লাভ কৰাৰ সম্ভাৱনা আছে। জনতা দল (ইউনাইটেড), ৱাইএছআৰচিপি, শিৱসেনা আৰু এআইএডিএমকেয়েও জগদীপ ধনখড়ক সমৰ্থন কৰিছে।
আনহাতে, মাৰ্গাৰেট আলভাই প্ৰায় ২০০ টা ভোট লাভ কৰাৰ সম্ভাৱনা আছে। মাৰ্গাৰেট আলভাৰ সমৰ্থমত আছে কংগ্ৰেছ, এমকে ষ্টালিনৰ ডিএমকে, লালু প্ৰসাদ যাদৱৰ ৰাষ্ট্ৰীয় জনতা দল, শাৰদ পাৱাৰৰ এনচিপি আৰু অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টী আৰু বাওঁ দলসমূহ। ইয়াৰ উপৰি ঝাৰখণ্ড মুক্তি মৰ্চা, তেলেংগানা ৰাষ্ট্ৰ সমিতি, আম আদমি পাৰ্টী আৰু শিৱসেনাৰ উদ্ধৱ থাকৰে গোষ্ঠীৰ ৯জন সাংসদে মাৰ্গাৰেট আলভাক সমৰ্থন কৰিছে।
উল্লেখ্য যে, বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ কাৰ্যকাল অহা বুধবাৰে, অৰ্থাৎ ১০ আগষ্ট তাৰিখে সমাপ্ত হ’ব।