কিংবদন্তি গায়ক এছ পি বালাছুব্ৰমনিয়মৰ দেহাৱসান; কৰ’ণা ভাইৰাছত হৈ আছিল আক্ৰান্ত

৭৪ বছৰীয়া এছ পি বালাছুব্ৰমনিয়মে হিন্দী ছবি গীত গাই নিজৰ পৰিচয় গঢ়িবলৈ সক্ষম হৈছিল। ১৯৮৯ৰ ছলমান খান আৰু ভাগ্যশ্ৰীৰ অভিনিত ছবি 'মেনে প্যাৰ কিয়া'ত ছলমান খানৰ প্ৰতিটো গীত এছ পি বালাছুব্ৰমনিয়মে কণ্ঠদান কৰিছিল, আৰু ছুপাৰহিটো হৈছিল

0
338

বলীউডৰ কিংবদন্তি গায়ক এছ পি বালাছুব্ৰমনিয়মৰ শেষ নিশ্বাস ত্যাগ।

তেওঁৰ মৃত্যুৰ খবৰ পুত্ৰই নিশ্চিত কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ।

কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত ৫ আগষ্টৰ পৰা হাস্পতালত ভৰ্তি হৈ আছিল প্ৰসিদ্ধ গায়কগৰাকী।

বৃহস্পতিবাৰে হাস্পতালৰ পৰা জানিবলৈ দিয়া অনুসৰি তেওঁৰ অৱস্থা যথেষ্ট সংকটজনক আছিল।

তেওঁক লাইফ ছাপৰ্ট ছিষ্টেমত ৰখা হৈছিল।

৭৪ বছৰীয়া এছ পি বালাছুব্ৰমনিয়মে হিন্দী ছবি গীত গাই নিজৰ পৰিচয় গঢ়িবলৈ সক্ষম হৈছিল।

১৯৮৯ৰ ছলমান খান আৰু ভাগ্যশ্ৰীৰ অভিনিত ছবি ‘মেনে প্যাৰ কিয়া’ত ছলমান খানৰ প্ৰতিটো গীত এছ পি বালাছুব্ৰমনিয়মে কণ্ঠদান কৰিছিল, আৰু ছুপাৰহিটো হৈছিল।

তাৰ পিছৰে পৰা তেওঁ ছলমান খানৰ কেৰিয়াৰৰ আৰম্ভণি দিনকেইটাত প্ৰতিটো গীত গাইছিল আৰু বহু বছৰলৈ ছলমান খানৰ কণ্ঠ হিচাপে বিখ্যাত হৈ উঠিল।

ইয়াৰ পিছতো এছ পি বালাছুব্ৰমনিয়মে কেইবাখনো হিন্দী ছবিত বিভিন্ন তাৰকাৰ বাবে কণ্ঠদান কৰে।

উল্লেখ্য যে এছ পি বালাছুব্ৰমনিয়মে বৰ্তমানলৈ মুঠ ১৬টা ভাষাত ৪০,০০০তকৈও অধিক গীতত কণ্ঠদান কৰে।

তেওঁক চাৰিটা ভাষা-তেলেগু, তামিল, কন্নৰ আৰু হিন্দী গীতৰ বাবে ৬ বাৰ সৰ্বশ্ৰেষ্ঠ গায়কৰূপে ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে সন্মানিত কৰা হৈছিল।

তেওঁক ভাৰত চৰকাৰৰ তৰফৰ পৰা ২০০১ত পদ্মশ্ৰী আৰু ২০১১ত পদ্মভূষণ পুৰস্কাৰেৰে সন্মানিত কৰা হৈছিল।

Photo Credit: Indian Express