26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ’ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ’ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ

    ভাৰতীয় ক্ৰিকেট দলে শুকুৰবাৰ অৰ্থাত ১৮ জুনৰ পৰা নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচ খেলিব।

    অৱশ্যে এই ফাইনেল মেচখনৰ পূৰ্বে ভাৰতীয় অনুৰাগীসকলৰ বাবে আহিছে এটা বহুত বেয়া খবৰ।

    খবৰটো হ’ল যে, ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ বি বিজয়কৃষ্ণৰ বৃহস্পতিবাৰে মৃত্যু হয়।

    কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাইও তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

    তেওঁ কয়, ‘আমি এজন মহান ক্ৰিকেটাৰক হেৰুৱাইছো। ভগৱানে তেওঁৰ আত্মাক শান্তি দিয়ক। এই দুখৰ সময়ত পৰিয়ালৰ লোকক শক্তি প্ৰদান কৰিবলৈ ঈশ্বৰক প্ৰাৰ্থনা জনাইছো’।

    উল্লেখ্য যে বি বিজয়কৃষ্ণই তেওঁৰ ১৫ বছৰীয়া কেৰিয়াৰত এজন অলৰাউণ্ডাৰ হিচাপে ৮০ খন প্ৰথম শ্ৰেণীৰ মেচ খেলিছে। য’ত তেওঁ ২৫.৮২ গড়ে মুঠ ২২৯৭ ৰান আৰু ১৯৪ টা উইকেট দখল কৰিছে।

    ইয়াৰ উৰি তেওঁ তেওঁৰ কেৰিয়াৰত দুখন লিষ্ট এ মেচো খেলিছিল, য’ত ১০.৫ গড়ে ২১ ৰান সংগ্ৰহ কৰিছিল। তেওঁ মুঠ ৩ টা উইকেটো লৈছিল।

    বিজয়কৃষ্ণই বহু বছৰ কৰ্ণাটকৰ হৈ ৰঞ্জী খেলিছিল। বেটিং বলিঙৰ উপৰি তেওঁক এজন ভাল ফিল্ডাৰ বুলিও গণ্য কৰা হৈছিল।

    ১৯৮২-৮৩ চনত বোম্বেৰ বিৰুদ্ধে ৰঞ্জী ফাইনেলত অংশ লোৱাৰ পিছত বিজয়কৃষ্ণই অৱসৰ গ্ৰহণ কৰে।

    আৰু পঢ়ক : মকৰা জালৰ ব্লেংকেট, ভাইৰেল ভিডিঅ’ , নিশাটোৰ ভিতৰতে মকৰাই আগুৰি ধৰিছে বৃহৎ অঞ্চল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং