বলীউডৰ প্ৰবীণ অভিনেতা বিক্ৰম গোখলেৰ অৱস্থা সংকটজনক

0
1647

বলীউডৰ প্ৰবীণ অভিনেতা বিক্ৰম গোখলেৰ অৱস্থা সংকটজনক

বলীউডৰ বহুতো হিট ছবিত অভিনয় কৰা প্ৰবীণ অভিনেতা বিক্ৰম গোখলেৰ অৱস্থা সংকটজনক।

প্ৰবীণ অভিনেতা জনৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ পিছত পুনেৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

অভিনেতা জন “অগ্নিপথ”, “হাম দিল দে চুকে সামন” আৰু “ভুল ভুলাইয়া”ৰ দৰে ব্লকবাষ্টাৰ ছবিত অভিনয় কৰিছিল |

জানিব পৰা মতে অভিনেতা জন যোৱা ১৫ দিন ধৰি পুনেৰ দীননাথ মংগেশকাৰ চিকিৎসালয়ত আছে।

কিন্তু তেওঁৰ অৱস্থা এতিয়াও সংকটজনক হৈ আছে।
তথ্য অনুসৰি বিক্ৰমৰ স্বাস্থ্যৰ কোনো উন্নতি হোৱা নাই।

আনকি এই সময়তো, তেওঁৰ অৱস্থা সংকটজনক হৈ আছে আৰু অভিনেতাজনৰ বিষয়ে চিকিৎসকসকলৰ
পৰা কোনো সঁহাৰি পোৱা নাই বুলি জানিব পৰা গৈছে।

এনে পৰিস্থিতিত, অভিনেতাজনৰ পৰিয়ালৰ লোক সকল যথেষ্ট বিচলিত হৈ আছে ।

অৱশ্যে তেওঁৰ পৰিয়ালৰ পৰাও কোনো আনুষ্ঠানিক বিবৃতি পোৱা হোৱা নাই।