দ্বাদশ শ্ৰেণীৰ বিশেষ পৰীক্ষাৰ বাবে আবেদন কৰিছে মাত্ৰ ১ শতাংশ শিক্ষাৰ্থীয়ে

0
160
পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত অসম উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত
প্ৰতিনিধিত্বমূলক চিত্ৰ

শেহতীয়াকৈ প্ৰকাশ কৰা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবে অনুষ্ঠিত কৰিবলগীয়া বিশেষ পৰীক্ষাৰ বাবে মাত্ৰ ১ শতাংশ শিক্ষাৰ্থীয়ে আবেদন কৰিছে ।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব পুলক পাটগিৰিয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক জনোৱা অনুসৰি বাতিল হোৱা দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰা ২.৪৯ লাখ প্ৰাৰ্থীৰ ভিতৰত প্ৰায় ১,৮০০ জন শিক্ষাৰ্থীয়ে বিশেষ পৰীক্ষাৰ বাবে আবেদন কৰিছে ।

উল্লেখ্য যে ক’ভিড-১৯ৰ বাবে পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হৈছিল।

যিসকল দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে পৰিসাংখ্যিক সূত্ৰৰ ওপৰত আধাৰিত মূল্যায়নত সন্তুষ্ট নাছিল সেইসকল শিক্ষাৰ্থীক বিশেষ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ দিছিল শিক্ষা সংসদে।

পৰীক্ষাৰ বাবে আবেদন কৰাৰ অন্তিম তাৰিখ আছিল ১৬ আগষ্ট আৰু ইয়াৰ বাবে কেৱল নগন্য সংখ্যক শিক্ষাৰ্থীয়েহে আবেদন কৰা বুলি পাটগিৰিয়ে জনায়।

সকলো পঞ্জীভুক্ত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীসকলক অফ-লাইন বিশেষ পৰীক্ষাৰ বাবে অনুৰোধ কৰিবলৈ ১২ দিনৰ ম্যাদ দিয়া হৈছিল।

উল্লেখ্য যে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বাবে আবেদনকাৰীৰ সংখ্যা তুলনামূলকভাৱে কম হ’লেও কিন্তু মেট্ৰিকৰ বিশেষ পৰীক্ষাৰ বাবে, প্ৰায় ২২,০০০ প্ৰাৰ্থীয়ে আবেদন দাখিল কৰিছে।

আৰু পঢ়ক : পাকিস্তানৰ ষড়যন্ত্ৰ উন্মোচিত কৰিলে তালিবানে, ভাৰতক লৈ কৰিলে বিশেষ মন্তব্য