29 C
Guwahati
Saturday, September 18, 2021
More

    চৰকাৰৰ কৃষি বিভাগে Vermi Village হিচাবে নামকৰণ কৰা এখন গাঁও, মহিলাই দেখুৱাইছে স্বৱলম্বিতাৰ নিদৰ্শন

    চৰকাৰৰ কৃষি বিভাগে Vermi Village হিচাবে নামকৰণ কৰা এখন গাঁও, মহিলাই দেখুৱাইছে স্বৱলম্বিতাৰ নিদৰ্শন। কেঁচুমতা সাৰ উৎপাদনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে সৰভোগৰ এজাক মহিলাই।

    কেঁচুমতা সাৰ যাক ইংৰাজীত Vermi Compose বুলি কোৱা হয় , বৰ্তমান সমগ্ৰ বিশ্বতে ইয়াৰ ব্যাপক সমাদৰ আছে এই সাৰৰ৷ কিয়নো এইবিধ জৈৱিক সাৰৰ নাই কোনো পাশ্বপ্ৰতিক্ৰিয়া, আছে মাথো শস্য উৎপাদনৰ প্ৰচুৰ ক্ষমতা ৷

    এই কেঁচুমতা সাৰৰ উৎপাদনৰ বাবে এতিয়া এখন গাঁও চৰ্চালৈ আহিছে ৷ গাঁওখন হৈছে বৰপেটা জিলাৰ সৰভোগৰ ভেৰভেৰী গাওঁ ৷

    গাঁওখনৰ মহিলা সকলে ঘৰৰ পেলনীয়া সামগ্ৰী, শাকপাচলি, কলগছ আৰু অন্যান্য গছ গছনিৰ পাত আদি ব্যৱহাৰ কৰি উৎপাদন কৰিছে কেঁচুমতা সাৰ ৷

    গাওঁখনৰ কল্পনা বৰ্মন নামৰ মহিলা গৰাকীয়ে বিগত ২০১৩ চনত হাউলীত অৱস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত কেঁচুমতা সাৰ উৎপাদনৰ প্ৰশিক্ষণ কৰি প্ৰথমতে আৰম্ভ কৰিছিল এই উৎপাদন কাৰ্য্য ৷

    তেওঁৰ এই কাৰ্য্যত অনুপ্ৰাণিত হৈ এতিয়া গাঁওখনৰ প্ৰায় ৮০ গৰাকী মহিলাই এই কাৰ্য্যত নিয়োজিত হৈছে ৷ প্ৰতিগৰাকী মহিলাই কেঁচুসাৰ বিক্ৰী কৰি ৮ হেজাৰৰ পৰা ১২ হেজাৰ টকালৈকে প্ৰতি মাহে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

    কৃষিখণ্ডত প্ৰচুৰ চাহিদা থকা এই কেঁচুমতা সাৰ উৎপাদন কৰাৰ বাবে গাঁওখনৰ সকলো মহিলাই আগ্ৰহী যদিও বহুতেই থমকি ৰব লগা হৈছে আৰ্থিক দৈন্যতাৰ বাবে ৷

    চৰকাৰৰ কৃষি আৰু গ্ৰামোন্নয়ন বিভাগে এইক্ষেত্ৰত ঋণ আৰু অন্যান্য সা- সজুলি আগবঢ়ালে নিশ্চিতকৈ লাভৱান হব আৰ্থিক ভাৱে পিছ পৰা এইসকল মহিলা ৷

    মহিলা সাৱলীকৰণ আৰু গ্ৰামোন্নয়নৰ শ্লোগান দিয়া অসম চৰকাৰে এইক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া অৱশ্যে সময়েহে কব ৷

    Input and Photo- Ganesh Saha

    আৰু পঢ়ক : জন্মদিন উদযাপন কৰিম বুলি বিবাহিত কন্যাক মাতি আনি নিষ্ঠুৰতাৰে হত্যা কৰিলে পিতৃয়ে, ১৩ দিনৰ অন্ততহে সকলো সদৰি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং