প্ৰতিদিনে সুৰাপান কৰি দীৰ্ঘজীৱি হ’ল ১১৩ বছৰীয়া বৃদ্ধ…

0
196

প্ৰতিদিনে সুৰাপান কৰি দীৰ্ঘজীৱি হ’ল ১১৩ বছৰীয়া বৃদ্ধ…

ভেনিজুৱেলাৰ জুয়ান বিচেণ্ট পেৰেজ মোৰাস (Juan Vicente Pérez)ৰ নাম বিশ্বৰ আটাইতকৈ বৃদ্ধ ব্যক্তি হিচাপে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভূক্ত কৰা হৈছে।

১১৩ বছৰীয়া জুয়ান পেৰেজ মোৰাসৰ জন্ম ১৯০৯ চনৰ ২৭ মে’ অৰ্থাৎ আজিৰ দিনটোত হৈছিল। সাধাৰণতে কোৱা হয় যে, দীঘলীয়া জীৱনৰ বাবে এক স্বাস্থ্যকৰ আহাৰ অতি গুৰুত্বপূৰ্ণ, কিন্তু পেৰেজ মৰাজৰ ক্ষেত্ৰত এনে নহয়।

গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছে এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰিছে যে ১১৩ বছৰীয়া হোৱা স্বত্বেও পেৰেজ এতিয়াও সম্পূৰ্ণ স্বাস্থ্যৱান হৈ আছে ।

তেওঁ দৈনিক এক গিলাচ সুৰা সেৱন কৰে। পেৰেজৰ ৪১ গৰাকী নাতি-নাতিনী, ১৮ গৰাকী আজো নাতি-নাতিনী আৰু ১২ গৰাকী নাতিৰ নাতি-নাতিনী আছে।

পাছে দীৰ্ঘায়ু জীৱন পালেও বয়স বেছি হোৱাৰ বাবে মোৰাসৰৰ বৰ্তমানে উচ্চ ৰক্তচাপৰ লগতে কাণেৰে শুনাৰ কিছু সমস্যাৰ সন্মুখিন হৈছে।

ইয়াৰ বাহিৰে মোৰাসে সম্পূৰ্ণস্বাস্থ্যৱান হৈ থকাৰ লগতে কোনো ধৰণৰ ঔষধ গ্ৰহণ নকৰে।

পেৰেজে নিজৰ দীৰ্ঘ জীৱনৰ ৰহস্যৰ কথা উল্লেখ কৰি কৈছিল যে-” মানুহে কষ্ট কৰিব লাগে, চুটিৰ সময়ত আৰাম কৰিব লাগে , সোনকালে শুব লাগে, প্ৰতিদিন এগিলাচ সুৰা সেৱন কৰিব লাগে আৰু ভগৱানত ভাল পাব লাগে”।

২০২২ চনৰ ১৮ জানুৱাৰীত স্পেইনৰ চেটাৰ্ণিনো ডে লা ফুৱেণ্ট গাৰ্ছিয়াৰ মুত্যু হোৱাৰ পিচত পেৰেজক পৃথিৱীৰ আটাইতকৈ জীৱিত ব্যক্তি হিচাপে চিনাক্ত কৰা হৈছে।

পেৰেজৰ পত্নীৰ নাম এডিওফিনা ডেল ৰোজাৰিঅ গাৰ্চিয়া কিন্তু ১৯৯৭ চনত গাৰ্চিয়াৰ মৃত্যু হয়। পেৰেজ আৰু গাৰ্চিয়াৰ ১১ টা সন্তানৰ ৬ জন পুত্ৰ আৰু ৫ গৰাকী কন্য়া আছে।