মেঘালয়ত অগ্নিগৰ্ভা পৰিস্থিতি; শ্বিলঙত জ্বলাই দিলে অসমৰ চাৰিচকীয়া বাহন

0
206

মঙলবাৰে পুৱতি নিশা অসমৰ পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ জিৰিকিডিঙৰ মক্ৰত সংঘটিত গুলীচালনাৰ ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে এতিয়া অগ্নিগৰ্ভাৰ পৰিস্থিতিৰ সৃষ্টি হ’বলৈ ধৰিছে চুবুৰীয়া ৰাজ্য মেঘালয়ত।

সীমান্তত হোৱা গুলীচালনাৰ ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে আজি সন্ধিয়া মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ সমীপৰ ঝালুপাৰাৰ মহাবীৰ পাৰ্কৰ সমীপত অসমৰ এখন বাহন কোনো দুৰ্বৃত্তই জ্বলাই দিয়া বুলি খবৰ আহিছে।

এ এছ ০১ ডি কে ৫৯৫৮ নম্বৰৰ এখন স্কৰপিঅ’ বাহনত অগ্নিকাণ্ড সংঘটিত কৰে অচিনাক্ত দুৰ্বৃত্তই। অৱশ্যে ঘটনা সন্দৰ্ভত মেঘালয় আৰক্ষীয়ে কি ব্যৱ্স্থা গ্ৰহণ কৰিছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।

খবৰ অনুসৰি, পশ্চিম জয়ন্তীয়া পাহাৰত সংঘটিত হোৱা মুক্ৰ’ গুলীচালনা কাণ্ডৰ পিছত এই ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে একাংশ দুষ্কৃতিকাৰীয়ে সুযোগ ল’বলৈ চেষ্টা চলাইছে।

উল্লেখ্য যে মঙলবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত অসম-মেঘালয় সীমান্তত অসম আৰক্ষী আৰু বন বিভাগৰ এটা দলে অবৈধ কাঠ সৰবৰাহ কৰা এখন ট্ৰাক জব্দ কৰি ট্ৰাকখনৰ চালক, হেণ্ডিমেন আৰু আন এজন ব্যক্তিক আটক কৰাৰ বিপৰীতে আন কিছুমানে পলায়ন কৰিবলৈ সক্ষম হয়।

পৰৱৰ্তী পৰ্যায়ত কাঠভৰ্তি ট্ৰাকখন আৰু আটক কৰা লোক কেইজনক এৰি দিয়াৰ দাবীত মেঘালয়ৰ শতাধিক খাচী লোকে হাতে হাতে দা, যাঠি-জোং লৈ খেদি আহে অসমৰ আৰক্ষী আৰু বন কৰ্মীৰ দলটোক। 

এই উত্তেজনাময় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে আক্ৰমণকাৰী লোক কেইজনক লক্ষ্য কৰি গুলীচালনা কৰে। আৰু এই গুলীচালনাতে পাঁচজন খাচী লোক নিহত হোৱাৰ বিপৰীতে খাচী লোকৰ আক্ৰমণত এজন বনকৰ্মীয়ে প্ৰাণ হেৰুৱায়।