অতিকে শোকাৱহ ! আৰক্ষীৰ বৰ্বৰতাৰ বাবেই পাচলি বিক্ৰেতাই হেৰুৱালে দুয়োখন ভৰি

0
4433

অতিকে শোকাৱহ ! আৰক্ষীৰ বৰ্বৰতাৰ বাবেই পাচলি বিক্ৰেতাই হেৰুৱালে দুয়োখন ভৰি

কানপুৰত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে।কানপুৰৰ কল্যাণপুৰ আৰক্ষীৰ বাবে এজন পাচলি বিক্ৰেতাৰ জীৱন ধ্বংস হৈছে। আৰক্ষীজনৰ কাৰ্য্যৰ বাবে দৰিদ্ৰ লোকজনে তেওঁৰ দুয়োখন ভৰি হেৰুৱাব লগা হয়। দৰাচলতে কল্যাণপুৰ থানাৰ সন্মুখতে এজন লোকে পাচলিৰ দোকান দি পৰিয়ালটো পোহ-পাল দি আছিলে।

কিন্তু থানাৰ সমুখত কোনো দোকান দিয়াটো নিয়ম বিৰোধী। কিন্তু কিছুমান দৰিদ্ৰ পৰিয়ালে কেইবা দশক ধৰি সেই স্থানত শাক-পাচলিৰ দোকান দি আহিছে। তেওঁলোকৰ মাজৰ লাড্ডু নামৰ এজনে তাতে এখন বিলাহীৰ দোকান দিছিল।

দোকানীসকলে অভিযোগ কৰিছিল যে দিৱান ৰাকেশ আৰু কল্যাণপুৰ আৰক্ষী থানাৰ পৰিদৰ্শক শাদাবৰ সৈতে ঘটনাস্থলীলৈ আহিছিল আৰু প্ৰথমে লাড্ডুটো ধমকি দিছিল। তাৰ পিছত তেওঁলোকে লাড্ডুৰ থেলাখনৰ পৰা পাচলি জোখা পাল্লাযোৰ লৈ ৰে’লপথৰ মাজ লৈ দলিয়াই দিছিল।

সেই সময়ত লাড্ডুয়ে আৰক্ষী লোক দুজনৰ আগত হাতজোৰ দগা-পাল্লাযোৰ নেপেলাবলৈ কাকুতি মিনতি কৰি আছিলে। কিন্তু আৰক্ষীৰ লোকজনে পাচলি বিক্ৰেতা জনৰ কথা শুনা নাছিলে । আৰু থেলাখনৰ পৰা দগা পাল্লাৰ লগতে কিছুমান শাক-পাচলি পেলাই দিছিল।

লগে লগে লাড্ডুয়ে তেওঁৰ পাল্লাযোৰ আনিবৰ বাবে ৰে’লপথৰ মাজলৈ দৌৰি যায়। সেই সময়তে সমুখৰ পৰা আহি থকা এখন ৰে’লে তেওঁৰ দুয়োটা ভৰি কাটি গুচি যায়। বিক্ৰেতাজনৰ চিঞৰ শুনি ওচৰতে থকা লোক সকল দৌৰি আহে।

তেজেৰে লুতুৰি পুতুৰি অৱস্থাত তেওঁক উদ্ধাৰ কৰাৰ পিছত চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়ত এতিয়া জীৱন মৃত্যুৰে যুঁজ দি আছে লাড্ডুয়ে। ঘটনাক লৈ আৰক্ষীৰ লোক সকলে কোনো ধৰণৰ প্ৰতিক্ৰিয়া দিয়া নাই।