ঘৰত ভুলতো নাৰাখিব এই ৫ বিধ বিশেষ সামগ্ৰী…একেবাৰে ধনহীন কৰি তুলিব
বৰ্তমানৰ সময়ত টকাতকৈ অধিক দৰকাৰী যেন একোৱেই নাই। টকা নহলে আজিৰ দিনত একো নোহোৱাৰ দৰেই। শিক্ষা লাভৰ বাবেও প্ৰয়োজন বহু টকাৰ । পাছে এনে কিছুমান লোক আছে যিয়ে বহু কষ্ট কৰিয়ো কোনোদিনে ভালদৰে টকা উপাৰ্জন কৰিবলৈ সক্ষম নহয়।
ইয়াৰ পাছৰ বিভিন্ন কাৰণ হব পাৰে। কিন্তু এই ক্ষেত্ৰত বাস্তু শাস্ত্ৰ মতে কোৱা হয় যে, কিছুমান বিশেষ কাৰণত ঘৰৰ এনে দশা হব পাৰে। ঘৰৰ ভিতৰত কিছুমান নাথাকিব লগীয়া সামগ্ৰী থকাৰ ফলক এইদৰে ধন সঞ্চয় কৰিব নোৱাৰে গৃহস্থই।
তেনে কেইবিধ মান হৈছে-
তাজমহল-
ঘৰত কেতিয়াও তাজমহলৰ ছবি বা প্ৰতিকৃতি ৰাখিব নালাগে। কিয়নো তাজমহল বেগম মমতাজৰ কবৰস্থান হে। ইয়াক সন্মান আৰু শ্ৰদ্ধা দিব লাগে কিন্তু ঘৰৰ ভিতৰত ইয়াক ৰাখিব নালাগে। ই ঘৰৰ ভিতৰত নকৰাত্মত প্ৰাভাৱ পেলায়।
মহাভাৰত-
ঘৰৰ ভিতৰত মহাভাৰতৰো ছবি ৰাখিব নালাগে। ঘৰত মহাভাৰতৰ ছবি ৰখাৰ বাবে হাই-কাজিয়া বৃদ্ধি পাই। বিশেষকৈ ড্ৰয়িং ৰূম বা শোৱনি কোঠাত এনে ধৰণৰ ছবি নাৰাখিব।
জোট লাগি থকা তাঁৰ-
ঘৰত কেতিয়াও জোট লাগি থকা তাঁৰ বা অন্য ধৰণৰ ৱায়াৰ আদি থব নালাগে। পাৰিলে মোবাইলৰ চাৰ্জাৰ, হেডফোন , লেপটপ চাৰ্জাৰ আদিয়ো জোট লগাই থব নালাগে।
শুকাই যোৱা ফুল-
কেতিয়াও ঘৰত শুকাই যোৱা ফুল নাৰাখিব। যদি কোনো ফুলৰ পুলি আছে তেন্তে নিয়মিত ইয়াৰ যতন লব। শুকাই যোৱা ফুল অশুভ কাৰক বুলি মনা হয়।
পানী পৰি থকা টেপ-
পানী পৰি থকা বেয়া হোৱা টেপ ঘৰৰ আৰ্থিক সমস্যাৰ পৰিচয় বুলি ধৰা হয়। যদি পাকঘৰ বা গা ধোৱা ঘৰ আদিত তেনে পানীৰ টেপ আছে তেন্তে ইয়াক অতি সোনকালেই সলনি কৰক।