অমিতাভ-শ্বাহৰুখ আদিৰ পাছত এইবাৰ বৰুণ ধাৱানৰ মমৰ মূৰ্তি স্থাপন মেডাম টুছডত

0
97

অমিতাভ-শ্বাহৰুখ আদিৰ পাছত এইবাৰ বৰুণ ধাৱানৰ মমৰ মূৰ্তি স্থাপন মেডাম টুছডত

বৰুণ ধাৱনৰ জনপ্ৰিয়তা দিনে দিনে বৃদ্ধি পাই গৈ আছে। কেৱল বলীউডৰ চিনেমাতে অভিনেতাগৰাকীৰ জনপ্ৰিয়তা সীমাবদ্ধ নহয়, এইবাৰ মেডাম টুছড (Madame Tussauds)ত মমৰ মূৰ্তী স্থাপন অভিনেতাগৰাকীৰ।

অভিনেতা বৰুণ ধাৱানৰ শেহতীয়াকৈ মুক্তি পাইছে “ভেড়িয়া” নমৰ ছবিখন। যিয়ে বৰ্তমানেও বক্স অফিছত দৰ্শকৰ বাঃ বাঃ লৈ আছে। ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিছে।

তাৰ মাজতে অভিনেতা আৰু তেওঁৰ অনুৰাগীসকলৰ বাবে সুখৰ খবৰ পোহৰলৈ আহিছে। অভিনেতা বৰুণ ধাৱানৰ মমৰ মূৰ্তি স্থাপন কৰা হৈছে দিল্লীৰ মেডাম টুছড সংগ্ৰহালয়ত। যাৰ ভিডিঅ’ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

এতিয়ালৈকে এই সংগ্ৰহালয়ত বলীউডৰ চুপাৰষ্টাৰ অমিতাভ বচ্চন, বলীউডৰ কিং খান শ্বাহৰুখ খান, হৃত্বিক ৰোশন আৰু অনিল কাপুৰৰ মূৰ্তি নিৰ্মাণ কৰা হৈছে। এতিয়া বলীউডৰ অন্যতম আকৰ্ষণীয় আৰু উদ্যমী অভিনেতা বৰুণ ধাৱানৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

অৱশ্যে বৰুন ধাৱানৰ এইয়ে প্ৰথম মমৰ মূৰ্তি নহয়, এয়া অভিনেতাগৰাকীৰ বাবে দ্বিতীয়বাৰৰ বাবে প্ৰাপ্ত। অভিনেতাগৰাকীয়ে পূৰ্বেও এই কৃতিত্ব অৰ্জন কৰিছে।

২০১৮ চনত, অভিনেতাজনৰ মমৰ মূৰ্তি হংকঙৰ মেডাম তুচাদতো স্থাপন কৰা হৈছিল। সেই সময়ত, অভিনেতাগৰাকীৰ এই কৃতিত্ব অৰ্জন কৰা আটাইতকৈ কনিষ্ঠ অভিনেতা আছিল।