কবৰৰ ভিতৰত পোৱা গৈছে ভেম্পায়াৰ মহিলাৰ কংকাল, ডিঙিত লগোৱা আছিল কাঁচি

0
282
প্ৰতিনিধিত্বমূলক চিত্ৰ

কবৰৰ ভিতৰত পোৱা গৈছে ভেম্পায়াৰ মহিলাৰ কংকাল, ডিঙিত লগোৱা আছিল কাঁচি

পোলেণ্ডৰ এক কবৰ খান্দোতে উদ্ধাৰ হৈছে এক মহিলাৰ এনে কংকাল, যি দেখি আচৰিত হৈ পৰিছে সকলো। মহিলাৰ কংকালটোৰ ডিঙিত চাৰিওফালে লগোৱা আছিল কাঁচি।

মহিলাগৰাকী ভেম্পায়াৰ বুলি কৈছে পুৰাতত্ব বিভাগে। লগতে ইয়াকো কৈছে যে, যদি মহিলাগৰাকী পুনৰ জীৱিত হৈ উঠেও তেন্তে কাঁচিৰে ডিঙা কাটা গৈ পুনৰ কবৰতেই থাকি যায়।

মহিলাগৰাকীৰ কংকালটো উদ্ধাৰ কৰিছে নিকোলাচ ইউনিভাৰচিটিৰ পুৰাতত্ব বিভাগৰ এটি দলে। দলটোৰ এগৰাকী প্ৰফেচাৰে জানিবলৈ দিয়া অনুসৰি, মহিলাগৰাকীৰ আগৰ পাৰিৰ দাঁতৰ দুটা দাঁত ভেম্পায়াৰৰ দৰে ওলাই অহা।

মহিলাগৰাকীয়ে চিল্কৰ টুপিয়ো পিন্ধিছিল, যি টুপিৰ চিল্ক সুঁতা সেই কবৰতেই পোৱা গৈছে। প্ৰকাশিত তথ্য অনুসৰি, এই ঘটনা ১১ শতাব্দীৰ। যি সময়ত পূৱ ইউৰোপৰ লোক ভেম্পায়াৰৰ ভয়ত আছিল।

তেতিয়াৰ লোক সকলে কোনো আত্মীয় লোকৰ মৃত্যু হ’লে মৃতদেহ কবৰ দিয়াৰ সময়ত ভেম্পায়াৰ বিৰোধী নিয়ম কিছুমান কৰিছিল। পূজা কৰিছিল, লগতে মৃতদেহৰ ডিঙিৰ চাৰিওফালে কাঁচি লগাই দিছিল।

যাতে মৃতদেহ ভেম্পায়াৰ হৈ পুনৰ আহি মানুহৰ তেজ নাখাই। সেয়ে যিমান পাৰি সিমান প্ৰতিৰক্ষা অৱলম্বন কৰিছিল। বহু বছৰলৈ মানুহে এই প্ৰথা অৱলম্বন কৰিছিল ভেম্পায়াৰ প্ৰতিৰোধ কৰিবলৈ।

পুৰাতত্ব বিভাগটোৰ প্ৰফেচাৰ গৰাকীয়ে ইয়াকো কৈছে যে, বহু মৃতদেহত কেৱল ডিঙিতেই নহয়, হাত আৰু ভৰিটো কাঁচি লগাই কবৰ দিছিল। কোনো কোনো ক্ষেত্ৰত মৃতদেহ ওলোটাকৈ কবৰ দিয়াৰো নিয়ম আছিল।

সেই সময়ত কোনোৱে আকৌ মৃতদেহ জ্বলাই দিছিল। আৰু কোনোৱে সেই মৃতদেহ শিলত থেকেচা মাৰি বেয়াকৈ নষ্ট কৰি দিয়াৰ লগতে তাৰ ওপৰত শিল দি দিছিল । যাতে আৰু উঠি আহিব নোৱাৰে।