
নতুন নিৰ্দেশনা! ভেকচিনৰ দুয়োটা ড’জ গ্ৰহণ কৰা লোকেহে ক্ৰয় কৰিব পাৰিব সুৰা…
ৰাজ্যত কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা হ্ৰাস পালেও এতিয়াও কৰ’ণা মুক্ত হোৱা নাই। কৰ’ণাৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাজ্য চৰকাৰে বহু নীতি নিয়ম জাৰি কৰিছে লগতে ভেকচিন লবলৈও অনুৰোধ জনাইছে।
ইয়াৰ মাজতে দেশত কৰ’ণাৰ নতুন ভেৰিয়েন্ট অমিক্ৰণে সৃষ্টি কৰিছে নতুন ত্ৰাসৰ। ইয়াৰ ওপৰত লক্ষ্য ৰাখিয়েই বৰপেটা জিলা প্ৰশাসনে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা।
এই নিৰ্দেশনাৰ অধীনত ভেকচিন গ্ৰহণ কৰা লোকেহে ক্ৰয় কৰিব পাৰিব সুৰা। ভেকচিন নোলোৱা ব্যক্তিয়ে সুৰা ক্ৰয় কৰাৰ ক্ষেত্ৰত প্ৰশাসনে জাৰি কৰিছে নিষেধাজ্ঞা।
যি সকল লোকে ভেকচিনৰ দুয়োটা ডজ গ্ৰহণ কৰিছে তেওঁলোকেহে ক্ৰয় কৰিব পাৰিব সুৰা।বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভুচালে এই নিৰ্দেশনা জাৰি কৰে।এই নিৰ্দেশনা মতে কোনো লোকে সুৰা ক্ৰয় কৰাৰ সময়ক ভেকচিন লোৱা প্ৰমানপত্ৰ দেখওটা অনিবাৰ্য।
আৰু পঢ়ক : ২ মাহ ৪ দিনৰ অন্তত মুকুলি আকাশৰ তললৈ শ্বেৰমান আলী, আহিয়ে দিলে বিস্ফোৰক মন্তব্য