বৰ্তমানলৈকে ১৬ জন পৰ্বতাৰোহীৰ মৃতদেহ উদ্ধাৰ, পাছে এতিয়াও সন্ধান নাই অসমৰ দীপশিখাৰ

0
737

বৰ্তমানলৈকে ১৬ জন পৰ্বতাৰোহীৰ মৃতদেহ উদ্ধাৰ, পাছে এতিয়াও সন্ধান নাই অসমৰ দীপশিখাৰ। পাছে বতৰ বেয়া হৈ পৰাত বাধ্যত পৰি প্ৰশাসনে কালি ৬ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ উদ্ধাৰ অভিযান বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে।

উত্তৰাখণ্ডৰ জিলা দণ্ডাধীশ অভিষেক ৰুহেলাই বতৰ বিজ্ঞান বিভাগৰ পৰৱৰ্তী তিনি দিনৰ বাবে উচ্চ অঞ্চলত ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাতৰ সতৰ্কতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰে।

কালিৰ উদ্ধাৰ অভিযানত অংশ লোৱা অভিযানকাৰী দলে ঘটনাস্থলীৰ পৰা পুনৰ ছয়টা মৃতদেহ উদ্ধাৰ কৰিছিল, যাৰ ফলত মৃতকৰ সংখ্যা বৃদ্ধি পাইছিল ১৬ গৰাকীলৈ।

উদ্ধাৰ হোৱা ১৬ টা মৃতদেহৰ ভিতৰত ১৪ গৰাকী প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহী আৰু ২ গৰাকী প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষক বুলি জানিব পৰা গৈছে।

মঙলবাৰে চাৰিটা মৃতদেহ উদ্ধাৰ, কালি মুঠ ১২ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। আনহাতে ২৯ গৰাকী লোক এতিয়াও আৱদ্ধ হৈ আছে।

উল্লেখ্য যে এই হিমস্খলনৰ পিছত সন্ধানহীন হোৱা পৰ্বতাৰোহীসকলৰ ভিতৰত অসমৰ এগৰাকী যুৱতীসহ উত্তৰ-পূবৰ দুগৰাকী পৰ্বতাৰোহী আছে।

সন্ধানহীন হৈ থকা গুৱাহাটীৰ দীপশিখা হাজৰিকা সন্দৰ্ভত এই পৰ্যন্ত কোনো তথ্য জানিব পৰা হোৱা নাই। অৱশ্যে এইদলটোৰ অসমৰ আন এগৰাকীও আছিল। তেখেতক সপুকলমে উদ্ধাৰ কৰা হৈছে।

মেঘালয়ৰ ৩৫ বছৰীয়া টিক্লু জিৰৱা নামৰ এগৰাকী যুৱকো এই পৰ্যন্ত সন্ধানহীন হৈ আছে। টিক্লু জিৰৱা মেঘালয় স্পোৰ্ট ক্লাইম্বিং এণ্ড মাউন্টেনিয়াৰিং এছ’চিয়েচন (মেচচিএমএ)ৰ সদস্য।

আনহাতে ডিএম অভিষেক ৰুহেলাই ট্ৰেকিং আৰু পৰ্বতাৰোহণ দলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ট্ৰেকিং আৰু পৰ্বতাৰোহণ কাৰ্যকলাপ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

নিৰ্দেশ অনুসৰি, এই সময়ছোৱাত কোনো দলক ট্ৰেকিং আৰু পৰ্বতাৰোহণৰ অনুমতি দিয়া নহ’ব। জিলা দণ্ডাধীশে কৈছিল যে ইতিমধ্যে উচ্চ হিমালয় অঞ্চলত ট্ৰেকিং আৰু পৰ্বতাৰোহণৰ বাবে যোৱা দলবোৰকো বতৰৰ তথ্য দিয়া হৈছে যাতে তেওঁলোকে সুৰক্ষিত স্থানত থাকিব পাৰে।