কৰ’ণাৰ মাজতে চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; বন্ধ থাকিব সকলো বিদ্যালয়, নিৰ্দেশনা জাৰি

0
1184
প্ৰতিনিধিত্বমূলক চিত্ৰ

চীনৰ লগতে বিশ্বৰ আন কেইবাখনো দেশত কৰ’ণাই আকৌ এবাৰ সংহাৰী ৰূপ ধাৰণ কৰিছে। কৰ’ণাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰচণ্ড শীতৰ প্ৰভাৱো পৰিছে।

সেয়ে এতিয়া বহু ৰাজ্যত বিদ্যালয়ৰ সময় সলনি কৰাৰ লগতে বহু ৰাজ্যত বিদ্যালয়সমূহ বন্ধ কৰাৰো নিৰ্দেশ জাৰি কৰা হৈছে।

উত্তৰ প্ৰদেশৰ বহু জিলাত এতিয়া শীতৰ প্ৰচণ্ড প্ৰকোপ। ইয়াৰ উপৰি ইউ পিৰ বহু জিলাত কুঁৱলীৰ বাবে দৈনন্দিন কাম-কাজত যথেষ্ট প্ৰভাৱ পৰিছে।

শীত আৰু কুঁৱলীৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজমগড় জিলাৰ সকলো বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে।

জানিব পৰা মতে, আজমগড় জিলা উপায়ুক্তই জিলাখনৰ সকলো বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিছে। জাৰি কৰা নিৰ্দেশ অনুসৰি অহা ২২ আৰু ২৩ ডিচেম্বৰত জিলাখনৰ সকলো বিদ্যালয় বন্ধ থাকিব। লগতে যদিহে শীতৰ প্ৰকোপ হ্ৰাস নাপাই তেন্তে বিদ্যালয় বন্ধৰ দিন বৃদ্ধি কৰিব পাৰে।

ইফালে লক্ষ্ণৌ, গাজিয়াবাদ, নয়দাসহ আন আন প্ৰান্তত বিদ্যালয়ৰ সময়সীমা সলনি কৰা হৈছে।