32.5 C
Guwahati
Thursday, October 14, 2021
More

    ২৮ গৰাকীৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ, নিজ পিতৃয়েও কৰিছিল ঘৃণনীয় কাণ্ড, বহু তথ্য পোহৰলৈ

    ২৮ গৰাকীৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ, নিজ পিতৃয়েও কৰিছিল ঘৃণনীয় কাণ্ড, বহু তথ্য পোহৰলৈ

    দেশত প্ৰতিদিনেই বৃদ্ধি পাইছে নাৰীজনিত অপৰাধমূলক ঘটনা।ইয়াৰ মাজতে কিছুমান ঘটনাই সম্পৰ্কৰ ওপৰটো কালিমা সানে।

    এনেধৰণৰ এক ঘটনা পোহৰলৈ আহিছে উত্তৰ প্ৰদেশৰ পৰা।উত্তৰ প্ৰদেশৰ ললিতপুৰত একাদশ শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰীয়ে নিজৰ পিতৃসহিত ২৮ গৰাকীকৈ লোকৰ ওপৰত ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে।

    কিশোৰী গৰাকীৰ মতে তেওঁ যেতিয়া ষষ্ঠ শ্ৰেণীত আছিল তেতিয়াৰ পৰাই পিতৃয়ে শাৰীৰিত শোষণ তথা ধৰ্ষণকাণ্ড সংঘটিত কৰি আহিছে। পাষাণ পিতৃয়ে ইমানতেই ক্ষান্ত নাথাকি লাহে লাহে তেওঁৰ বন্ধু বৰ্গৰ দ্বাৰা কিশোৰী গৰাকীক ধৰ্ষণ কৰাবলৈ আৰম্ভ কৰে।

    ইয়াৰ ভিতৰত সমাজবাদী পাৰ্টীৰ জিলা অধ্যক্ষ তিলক যাদৱ আৰু বহুজন সমাজ পাৰ্টীৰ জিলাধ্যক্ষ দীপক অহিৰবাৰৰ ওপৰটো অভিযোগ উত্থাপন হৈছে।

    কিশোৰী গৰাকীৰ মতে ধৰ্ষণৰ বিৰোধিতা কৰিলে পিতৃয়ে মাতৃ আৰু তেওঁক মাৰপিট কৰি হত্যাৰ ভাবুকি দিছিল।

    ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল হোৱাৰ পিছতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এই সন্দৰভত ২৮ গৰাকী লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।

    আৰু পঢ়ক : শ্বাহৰুখ পুত্ৰ আৰিয়নে নাপালে জামিন, থাকিব লাগিব জেলত, অধিবক্তাই ক’লে..

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং