26 C
Guwahati
Thursday, September 16, 2021
More

    ‘আব্বা-জান’- এটা শব্দৰে এতিয়া ৰাজনীতিৰ বোকা চতিওয়া খেল যোগীৰ ৰাজ্যত

    ‘আব্বা-জান’- এটা শব্দৰে এতিয়া ৰাজনীতিৰ বোকা চতিওয়া খেল যোগীৰ ৰাজ্যত

    এগৰাকী প্ৰাক্তন আই পি এছ বিষয়াই শ্বেয়াৰ কৰিছিল এট ভিডিঅ’, বেমাৰত ভোগা এটি কনমানিক চাইকেলৰ পিছফালে বহুৱাই লৈ দোভাগ নিশা চিকিৎসাৰ বাবে হা হুমনিয়াৰ কাঢ়ি ফুৰিছিল পিতৃ-মাতৃয়ে ।

    যি ভিডিঅত বিষয়াগৰাকীয়ে লিখিছিল উত্তৰ প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে নিজৰ ক্ষোভ প্ৰকাশ কৰিছিল। আব্বা-জান বুলি সম্বোধন কৰি এচাম নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোকক টাৰগেট কৰাত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ ওপৰতো ক্ষোভ উজাৰিছিল।

    যাৰ পিছতে বিৰোধীয়ো গা কৰি উঠিছে ক্ষোভ উজৰাত । একেটা শব্দ আৰু একেটা বিষয় লৈয়ে প্ৰতিটো দলেই নামি পৰিছে নিজা নিজা ৰাজনীতি কৰাত। সকলোৱে কেৱল নিজৰ নিজৰ ৰাজনীতিৰ ক্ষেত্ৰ চাইছে ।

    ৰাজ্যখনত বিধানসভা নিৰ্বাচনলৈ মাজত মাথো এটা কেইটামান মাহ থকা অৱস্থাত তীব্ৰতৰ হৈ উঠিছে ৰাজনীতিৰ খেলখন। বিজেপি- কংগ্ৰেছ সকলো দলেই এতিয়া ব্যস্ত।

    আই পি এছ বিষয়াগৰাকীয়ে যোগী চৰকাৰৰ আচনি আৰু প্ৰতিশ্ৰুতি সমূহ মনত পেলাই দি আছিল। এফালে যদি ২ লাখ চাকৰি দিম বোলা প্ৰতিশ্ৰুতি মনত পেলাই দিছে আনহাতে সুচল চিকিৎসাৰ বাবে প্ৰতিশ্ৰুতি দিছিল।

    কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত দৃশ্য ৰাজ্যখনত। প্ৰতিশ্ৰুতি পাহৰি কেৱল ৰাম মন্দিৰৰ নামত এচাম বিশেষ সম্পদায়ৰ লোকৰ ওপৰত আক্ৰমণ যোগী চৰকাৰৰ। সেয়ে সকলোতে প্ৰশ্ন, এনে কাৰ্য শোভা পাইনে এগৰাকী মুখ্যমন্ত্ৰীক।

    ৰাজ্য খনৰ কংগ্ৰেছ নেতা শ্ৰী নিবাসেও ভিডিঅ শ্বেয়াৰ কৰি লিখিছিল, যি সময়ত যোগী আদিত্যনাথ নিদ্ৰাদেবীৰ কোলাত, সেই সময়ত ডেংগুত আক্ৰান্ত কনমানিয়ে আব্বা-জানৰ সৈতে চিকিৎসাৰ সন্ধানত নামি পৰিছে।

    উল্লেখ্য যে, এই শব্দৰ প্ৰথম ব্যৱহাৰ যোগী আদিত্যনাথে সমাজবাদী পাৰ্টীৰ নেতা মুলায়েম সিং যাদবৰ বিৰুদ্ধে কৰিছিল।

    আৰু পঢ়ক : ”বিগত ২০ বছৰত ১০% শতাংশ হ্ৰাস পাইছে অসমীয়াৰ সংখ্যা,অনাগত ১০ বছৰত সংখ্যালঘূত পৰিণত হ’ব”

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং