
চিনেমাৰ কায়দাৰে ধীৰ গতিত মাৰি পেলোৱাৰ বাবে খাদ্যত বিষ মিহলাই পত্নী-শাহু-শহুৰক হত্যাৰ চেষ্টা, দুগৰাকীৰ ইতিমধ্যেই মৃত্যু
চিনেমা কায়দা তথা ইৰাকৰ প্ৰাক্তন প্ৰধান ছাদ্দাম হুছেইনে শত্ৰুক নিধন কৰিবলৈ লোৱা ব্যৱস্থাৰ বিষয়ে অনলাইনত ভালদৰে বিচাৰ খোচাৰ কৰি নিজেও পত্নী আৰু পত্নীৰ ফালৰ পৰিয়ালক হত্যাৰ পৰিকল্পনা ৰচে। সেই মৰ্মে খাদ্যত বিষ মিহলাই নিজে আৰু সন্তানে খোৱাৰ পৰা বিৰত খাতি কেৱল পত্নী, খুলখালী আৰু শাহু শহুৰক খুৱাই।
বিষো এনে মিহলাই যিয়ে অতি ধীৰ গতিত তিল তিল মৃত্যুৰ দিশে আগবঢ়াই নিয়ে। যাতে এই মৃত্যু অপ্ৰাকৃতিক নহয় বৰঞ্চ প্ৰাকৃতিক লাগে, আৰু হত্যাকাৰীৰ ওপৰতো সন্দেহ নজন্মে। পিছে সকলো অপৰাধৰে এদিন খোলোচা হোৱাৰ দৰে দিল্লী নিবাসী ব্যৱসায়ী বৰুণ অৰোৰাও অৱশেষত গ্ৰেপ্তাৰ হয়।
বৰুণৰ এই বিষময় পৰিকল্পনাৰ ফলত ইতিমধ্যে শাহু আৰু খুলখালীৰ মৃত্যু হোৱাৰ লগতে পত্নীয়ে আই চি ইউত মৃত্যুৰে যুঁজ দি আছে। আনহাতে শহুৰ সংকটমুক্ত বুলি ঘোষণা কৰিছে চিকিৎসকে।
জোৱাইৰ এই ষড়যন্ত্ৰৰ পৰা কোনোমতে ৰক্ষা পৰা শহুৰে আৰক্ষীৰ আগত দিয়া ভাষ্য অনুসৰি, বিয়াৰ পিছত আৰম্ভণিতে সকলো ঠিকে গৈছিল, পিছে দুটা সন্তান জন্ম হোৱাৰ পিছত তৃতীয়বাৰো সন্তানসম্ভৱা হোৱাত চিকিৎসকে সেয়া সন্তান অপৰিপক্ক বুলি স্বাস্থ্যৰ প্ৰতি ভাবুকি বুলি সদৰি কৰে।
তেতিয়াই গৰ্ভপাত কৰাই পত্নীয়ে, পিছে ইয়াৰ পিছৰে পৰা পৰিস্থিতি হেয়া হবলৈ ধৰে, মাজে মাজে মাৰপিট কৰিবলৈ ধৰে বৰুণে। আৰু শেষত নিজ ঘৰৰ পৰা খেদি পঠিয়াই সন্তান হত্যাকাৰী বুলি। কিন্তু ইমানতো ক্ষান্ত নাথাকি এদিন থিলিয়াম বিষ দিয়া মাছ ৰান্ধি পত্নীৰ মাকৰ ঘৰত উপস্থিত হয় আৰু সকলোকে সেই মাছ জোৰকৈ খুৱাই দিয়ে।
আৰু পঢ়ক : ”এজেপি বিজেপি ভাই ভাই,হাতী মানেই পদুম,পদুম মানেই হাতী” অতুল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ হিমন্তৰ