28 C
Guwahati
Friday, August 19, 2022
More

    আমেৰিকাৰ টেক্সাছত নিৰ্বিচাৰে গুলীচালনা, ৫গৰাকী নিহত, ২১গৰাকী আহত

    স্থানীয় আৰক্ষী বিষয়া অনুসৰি এই গুলীচালনাৰ ঘটনা সংঘটিত হয় মিডলেণ্ডৰ সমীপত অডেছা এলেকাত। গুলীচলানা ঘটনা সংঘটিত কৰা এজন বন্দুকধাৰী ছিনাৰ্জী ছবিগৃহৰ সমীপত হত্যা কৰা হয়। নিহত দুৰ্বৃত্তৰ বয়স প্ৰায় ৩০ বছৰ।

    আমেৰিকাৰ টেক্সাছত ২ বন্দুকধাৰীৰ নিৰ্বিচাৰে গুলীচালনাত ৫ গৰাকী লোকৰ মৃত্যু হয়, আনহাতে ২১ গৰাকী লোক গুৰুতৰভাৱে আহত হয়। স্থানীয় আৰক্ষী বিষয়া অনুসৰি শনিবাৰে ২ বন্দুকধাৰীয়ে প্ৰথমে এখন ট্ৰাক হাইজেক কৰে আৰু পিছত অতৰ্কিতে গুলী চলাবলৈ আৰম্ভ কৰে।

    স্থানীয় আৰক্ষী বিষয়া অনুসৰি এই গুলীচালনাৰ ঘটনা সংঘটিত হয় মিডলেণ্ডৰ সমীপত অডেছা এলেকাত। গুলীচলানা ঘটনা সংঘটিত কৰা এজন বন্দুকধাৰী ছিনাৰ্জী ছবিগৃহৰ সমীপত হত্যা কৰা হয়। নিহত দুৰ্বৃত্তৰ বয়স প্ৰায় ৩০ বছৰ।

    উল্লেখ্য যে, আগষ্ট মাহতে আমেৰিকাৰ টেক্সাছ আৰু অহিঅ’ত সংঘটিত পৃথক পৃথক গুলীয়াগুলী ঘটনাত ২৯ গৰাকী লোকৰ মৃত্যু হৈছিল আৰু ৪০ গৰাকীতকৈও অধিক লোক আহত হৈছিল। গুলীচালনাৰ দুয়োটা ঘটনাই সংঘটিত হৈছিল ২৪ ঘণ্টাৰো কম সময়ৰ ভিতৰত। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড’ ট্ৰাম্পে টেক্সাছ আৰু অহিঅ’ সংঘটিত গুলীচালনাৰ তদন্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে।

    Photo Credit: abcnews.go.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং