ৰাছিয়াক এশিকনি দিয়াৰ প্ৰস্তুতি; ভাৰতক ৫০ কোটি ডলাৰৰ এক বিশেষ পেকেজৰ অফাৰ দিব আমেৰিকাই

0
266
ৰাছিয়াক এশিকনি দিয়াৰ প্ৰস্তুতি; ভাৰতক ৫০ কোটি ডলাৰৰ এক বিশেষ পেকেজৰ অফাৰ দিব আমেৰিকাই
ফটো সৌজন্য- ইণ্টাৰনেট

ৰাছিয়াক এশিকনি দিয়াৰ প্ৰস্তুতি; ভাৰতক ৫০ কোটি ডলাৰৰ এক বিশেষ পেকেজৰ অফাৰ দিব আমেৰিকাই

আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰত-ৰাছিয়াৰ মাজৰ বন্ধুত্ব ভাঙিবলৈ সাজু হৈছে। আমেৰিকাই ৰাছিয়াৰ অস্ত্ৰৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ এক চুক্তি তৈয়াৰ কৰিছে।

বাইডেন প্ৰশাসনে ভাৰতক ৫০০ নিযুত ডলাৰ মূল্যৰ অস্ত্ৰ-শস্ত্ৰ দিয়াৰ প্ৰস্তাৱৰ ইংগিত পোৱা গৈছে। এক সময়তে, ফ্ৰান্সৰ দৰে দেশকো মোদী চৰকাৰক সহায় কৰিবলৈ কোৱা হৈছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৰাছিয়াৰ বিৰুদ্ধে শক্তিশালীভাৱে যুঁজিবলৈ ইউক্ৰেইনক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰাৰ পিছত এইবাৰ আমেৰিকাই পুটিনৰ বন্ধু ৰাষ্ট্ৰক আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে।

ৰাছিয়াৰ অস্ত্ৰৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ আমেৰিকাই এতিয়া নতুন দিল্লীৰ সৈতে প্ৰতিৰক্ষা সম্পৰ্ক অধিক শক্তিশালী কৰিবলৈ ভাৰতৰ বাবে এটা সামৰিক সহায় পেকেজ প্ৰস্তুত কৰি আছে।

প্ৰকাশিত তথ্য অনুসৰি, আমেৰিকান অস্ত্ৰৰ এই সমগ্ৰ পেকেজটোৰ মূল্য ৫০ কোটি ডলাৰ হ’ব।

সংবাদ সংস্থা ব্লুমবাৰ্গে সমগ্ৰ ঘটনাটোৰ সৈতে জড়িত এজন ব্যক্তিৰ উদ্ধৃতি দি কয় যে ৫০ কোটি ডলাৰৰ সামৰিক সাহায্যৰ পিছত, ভাৰত ইজৰাইল আৰু ইজিপ্তৰ পিছত এনে ধৰণৰ সহায় লাভ কৰা তৃতীয় বৃহত্তম দেশ হ’ব।

চুক্তিখন কেতিয়া ঘোষণা কৰা হ’ব বা কোনবোৰ অস্ত্ৰ অন্তৰ্ভুক্ত কৰা হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

এজন জ্যেষ্ঠ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াই কৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পদক্ষেপটো ৰাষ্ট্ৰপতি জো বাইডেনৰ ভাৰতক দীৰ্ঘম্যাদী নিৰাপত্তা অংশীদাৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাৰ অংশ।

আৰু পঢ়ক :- বুমৰাহ, আৰ পি সিঙৰ অভিলেখ ভংগ উমৰান মালিকৰ