ভাৰতীয় কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আৰোপ আমেৰিকাৰ

0
56
প্ৰতিনিধিত্বমূলক চিত্ৰ

ইৰাণৰ সৈতে লেনদেন কৰাৰ অভিযোগত ভাৰতীয় কোম্পানী এটাৰ বিৰুদ্ধে আমেৰিকাই বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে। ইৰাণৰ পৰা হাজাৰ হাজাৰ কোটি মূল্যৰ পেট্ৰ’লিয়াম আৰু ৰাসায়নিক সামগ্ৰী ক্ৰয় কৰাৰ বাবে বাইডেন চৰকাৰে নিষিদ্ধ কৰিছে দক্ষিণ আৰু পূব এছিয়াৰ ৮টা কোম্পানীক।

ইয়াৰ ভিতৰত আছে মুম্বাইস্থিত তিবালাজী পেট্ৰ’কেম প্ৰাইভেট লিমিটেড নামৰ এটা ভাৰতীয় কোম্পানীৰ নামো।

ইৰাণৰ সৈতে লেনদেন কৰাৰ অভিযোগত ভাৰতীয় কোম্পানী এটাৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমবাৰৰ বাবে এইধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

ইৰাণৰ ওপৰত আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো কিছুমান পেট্ৰ’কেমিকেল সামগ্ৰী ক্ৰয় কৰি থকা ইৰাণৰ দালাল আৰু হংকং, ইউ এ ই আৰু ভাৰতৰ একাংশ কোম্পানীৰ বিৰুদ্ধে আমেৰিকাই এই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি ট্ৰেজাৰী বিভাগে জনায়।

ভাৰতীয় পেট্ৰ’ কোম্পানী তিবালাজীয়ে চীনা পথেৰে নিষিদ্ধ ইৰাণৰ দালাল কোম্পানী ট্ৰিলিয়নছ পেট্ৰ’কেমিকেল আৰু পাৰ্চী উপসাগৰীয় পেট্ৰ’কেমিকেল উদ্যোগ বাণিজ্যিকৰ জৰিয়তে কোটি কোটি টকাৰ পেট্ৰ’কেমিকেল সামগ্ৰী ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে আমেৰিকাই ইৰাণৰ এই দুয়োটা দালাল কোম্পানীক নিষিদ্ধ কৰি থৈছে। ইৰাণৰ সৈতে লেনদেন কৰাৰ বাবে আমেৰিকাৰ ট্ৰেজাৰী বিভাগে ভাৰতীয় কোম্পানীসহ মুঠ ৮টা কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ ভিতৰত আছে ইউ এ ই, চীন আৰু হংকঙৰ কোম্পানীও।