পেচাব কৰোতে অধিক সময় লাগে নেকি, সাৱধান! হ’ব পাৰে বহু কেইটা বেমাৰ

0
13027
প্ৰতিনিধিত্বমূলক চিত্ৰ

পেচাব কৰোতে অধিক সময় লাগে নেকি, সাৱধান! হ’ব পাৰে বহু কেইটা বেমাৰ

পেচাবৰ লগতে শৰীৰৰ বেয়া পদাৰ্থ বোৰ বাহিৰ হৈ যায়। যাৰ বাবেই চিকিৎসকেও বহু ৰোগৰ পৰা পৰিত্ৰাণ পাবৰ বাবে অধিক পৰিমাণে পানী খোৱাৰ পৰামৰ্শ দিয়ে। যাতে প্ৰসাৱো অধিক হয় আৰু শৰীৰৰ পৰা বীজানু লগতে লেতেৰা পদাৰ্থ বাহিৰ হৈ যায়।

কিন্তু পেচাব কৰোতে অধিক সময় লাগে নেকি আপোনাৰ। সাধাৰণতকৈ অধিক সময়। তেন্তে পলম নকৰিব , সোনকালেই কাষ চাপক চিকিৎসকৰ। নাইবা হব পাৰে কোনো গম্ভীৰ ৰোগ।

কেৱল পেচাব কৰোতে সময় লগাই নহয়, পেচাবো ৰখাই থোৱা অতিকে বেয়া। ই সংক্ৰমণৰ কাৰক হব পাৰে। বহুতৰে এই ক্ষেত্ৰত ভয়ংকৰ সংক্ৰমণৰ ৰোগ হোৱা দেখা যায় ।

লগতে কিমান সময়ক ধৰা হয় পেচাব কৰাৰ সামান্য সময়। চিকিৎসকে এক পৰীক্ষাত কোৱা অনুসৰি মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰতে পেচাব কৰাটো এক সাধাৰণ কথা।

পৰীক্ষা কৰোতে ধৰা পৰিছে যে, যি স্তনপায়ীৰ ওজন ৩ কিলোতকৈ অধিক সেই লাগিলে কোনো মানুহেই হওক বা কোনো প্ৰাণী তেনে সকলক গঢ় হিচাপত ২০ ছেকেণ্ড সময় লাগে মুত্ৰাশয় খালী কৰিবলৈ বা পেচাব সম্পূৰ্ণ কৰিবলৈ।

যদিহে ২০ ছেকেণ্ডতকৈ কম বা ইয়াতকৈ অধিক হয় সময় তেন্তে হয়তো আপুনি বহু সময় ধৰি পেচাব ৰখাই থৈ দিছে। নতুবা ইয়াৰ তাৰতম্য যদি অধিক তেন্তে হয়তো আপোনাৰ পাথৰীৰ সমস্যা, সংক্ৰমণ, চিষ্টিটিছ নাইবা প্ৰোষ্টেত আদিৰ দৰে সমস্যা থাকিব পাৰে।

সেয়ে সাৱধান হোৱা অতিকে প্ৰয়োজন। এই ক্ষেত্ৰত মহিলাসকল অধিক সতৰ্ক হোৱা প্ৰয়োজন। ৰাজহুৱা শৌচালয়ৰ পৰাও এনে সমস্যা বিয়পাৰ সম্ভাৱনা থাকে। সেয়ে সাৱধান অতি প্ৰয়োজন।