মনোৰঞ্জন ব্ৰহ্মক ইউ পি পি এল দলৰ পৰা বহিষ্কাৰ

0
2506

দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত ইউ পি পি এল নেতা মনোৰঞ্জন ব্ৰহ্মক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে।

ব্ৰহ্মই বিগত বিধানসভা নিৰ্বাচনত কোকৰাঝাৰ পশ্চিম সমষ্টিৰ পৰা ইউ পি পি এল দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

দলটোৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ ব্ৰহ্মই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তিত স্পষ্ট ৰূপত উল্লেখ আছে যে দল বিৰোধী, বিটিআৰ বিৰোধী আৰু দুখীয়া বিৰোধী কাৰ্যকলাপত জড়িত থকা বাবে তেওঁক দলৰ প্ৰাথমিক সদস্যপদৰ লগত আন সকলো দায়িত্বৰ পৰা বহিষ্কাৰ কৰা হৈছে।   

উল্লেখ্য যে, অলপতে বি টি আৰত ব্যাপক ৰূপত আঠুৱা কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছিল আৰু এই কেলেংকাৰীত নাম সাঙোৰ খাইছিল মনোৰঞ্জন ব্ৰহ্মৰ।

নেতা ব্ৰহ্মৰ নাম সাঙোৰ খোৱাৰ বাবেই তেওঁক ইউ পি পি এল দলৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি এটা সূত্ৰই জানিব দিয়ে।