যোগী আদিত্যনাথ চৰকাৰৰ অন্তিমখন ৫লাখ ৫০ হাজাৰ ২৭০ কোটি ৭৮ লাখ টকাৰ পূৰ্ণ বাজেট দাখিল

0
101
যোগী আদিত্যনাথ চৰকাৰৰ অন্তিমখন ৫লাখ ৫০ হাজাৰ ২৭০ কোটি ৭৮ লাখ টকাৰ পূৰ্ণ বাজেট দাখিল

আজি উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে দাখিল কৰে অন্তিমখন পূৰ্ণ বাজেট। অহা বছৰ হ’ব লগা বিধানসভা নিৰ্বানৰ পূৰ্বে এইখন বাজেট দাখিল কৰে ৰাজ্য খনৰ বিত্তমন্ত্ৰী সুৰেশ খান্নাই।

কেন্দ্ৰীৰ বাজেট দাখিল কৰাৰ দৰে উত্তৰ প্ৰদেশেও পেপাৰ লেচ বাজেত দাখিল কৰে। এইবাৰৰ বাজেটৰ মুঠ পৰিমাণ ৫লাখ ৫০ হাজাৰ ২৭০ কোটি ৭৮ লাখ টকা।

এইবাৰৰ বাজেটত কৃষক সকলক বিনামূলীয়া পানী যোগান ধৰাৰ ঘোষণা , লগতে সুলভ মূল্যৰ লোণ দিয়াৰ বাবেও ঘোষণা কৰে। ইয়াৰ বাবে আবণ্টন কৰা হৈছে ক্ৰমে ৬০০ কোটি আৰু ৪০০ কোটি টকা।

যোগী আদিত্যনাথ চৰকাৰৰ এইবাৰৰ বাজেটত বহুকেইটা বিমানবন্দৰ, মেট্ৰ’ ৰে’ল, হাইৱে, এক্সপ্ৰেছ ৱে আদি দিয়াৰ বাবে ঘোষণা কৰে।

কৰণা টীকাকৰণৰ বাবেও ৫০ কোটি টকাৰ ধাৰ্য কৰা হৈছে এই বাজেটত। অৱশ্যে বিনামূলীয়া টীকা দিব নে নাই সেই বিষয়ে কোনো ধৰণৰ মন্তব্য দিয়া নাই বিত্তমন্ত্ৰীগৰাকীয়ে।

এইবাৰৰ বাজেটো আযোধ্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। আযোধ্যাৰ পূৰ্ণ বিকাশৰ বাবে ১৪০ কোটি টকা ঘোষণা কৰিছে।

বিমান বন্দৰৰ নাম -মৰ্যাদা পুৰষোত্বম শ্ৰী ৰাম বিমান বন্দৰ হব বুলি ঘোষণা কৰে। ইয়াৰ উন্নতিৰ বাবে ১০১ কোটি টকা ধাৰ্য। লগতে ৰাম মন্দিৰলৈ যোৱাৰ বাবে পথ নিৰ্মাণৰ নামত ৩০০ কোটি টকাৰ ঘোষণা।

আৰু পঢ়ক : ন-কইনা সাজেৰে ৰাঙলী হ’ল মোহময়ী জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া