
উত্তৰ প্ৰদেশৰ কনৌজত ভয়ানক দুৰ্ঘটনাত নিহত ২০জনকৈ লোক। ট্ৰাক-বাছৰ মুখামুখি সংঘৰ্ষত হোৱা ভয়াবহ অগ্নিকাণ্ডৰ ফলতে এইদৰে মৃত্যুঘটে বহুলোকৰ। শুকুৰবাৰে নিশা কনৌজৰ জিটি ৰোড ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।
এখন ডাবল ডেকৰ বাছ আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাৰ পিছতে জ্বলি উঠে বাছখন। বাছখনত থকা ২০জন যাত্ৰীৰ জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু। এই দুৰ্ঘটনাটোৰ ফলত ২১ লোক আহত হয়। জানিব পৰা মতে, দুৰ্ঘটনাটোৰ সময়ত বাছখনত কমেও ৪৩গৰাকী যাত্ৰী আছিল। আহতসকলক নিকট হাস্পতালত ভৰ্তি কৰোৱা হৈছে। বাছখন কনৌজ গুৰসহায়গঞ্জৰ পৰা জয়পুৰলৈ গৈ আছিল। আহত সকলৰ ভিতৰত সংকটজনক অৱস্থাত থকা ১৩জনক তিৰ্ৱা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাৰ পিছতে শোক প্ৰকাশ কৰে। লগতে চৰকাৰৰ ফালৰ পৰা আহত সকললৈ ৫০ হাজাৰ টকা আৰু মৃত সকললৈ ১ লাখ টকা ক্ষতিপুৰণ হিচাপে দিয়াৰ বাবে ঘোষণা কৰে।