মন্দিৰত আক্ৰমণ কৰা আহমেদ মুৰ্তাজাক মৃত্যুদণ্ডৰ ৰায় আদালতৰ

0
190

২০২২ চনৰ এপ্ৰিল মাহত উত্তৰ প্ৰদেশৰ গোৰখনাথ মন্দিৰত আক্ৰমণৰ ঘটনা সংঘটিত কৰাৰ গোচৰত আহমেদ মুৰ্তাজা নামৰ এজনক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰা হয়।

গোৰখনাথ মন্দিৰত প্ৰৱেশ কৰি নিৰাপত্তাৰক্ষীক আহত কৰাৰ অভিযোগত অভিযুক্ত আহমেদ মুৰ্তাজা আব্বাচীক সোমবাৰে এ টি এছৰ বিশেষ ন্যায়াধীশ বিবেকানন্দ শৰণ পাণ্ডেই শাস্তি প্ৰদান কৰে।

উল্লেখ্য যে, ২০২২ বৰ্ষৰ ৪ এপ্ৰিলত গোৰখনাথ আউটপোষ্টৰ মুখ্য কনিষ্টবল বিনয় কুমাৰ মিশ্ৰই দাখিল কৰা প্ৰতিবেদনত কৈছিল যে তেওঁ মন্দিৰৰ এক নম্বৰ গেটৰ নিৰাপত্তাৰ দায়িত্বত আছিল। তাৰ পিছত হঠাৎ অভিযুক্তজনে চোকা অস্ত্ৰৰে পিএচিৰ কনিষ্টবল অনিল কুমাৰ পাছৱানক আক্ৰমণ কৰি অস্ত্ৰ কাঢ়ি নিবলৈ চেষ্টা কৰে।

এই ঘটনাৰ লগে লগে আন নিৰাপত্তাৰক্ষীয়ে সহায়ৰ বাবে আগবাঢ়ি অহাৰ সময়তে অভিযুক্তজনে কনিষ্টবল গোপাল গৌৰকো আক্ৰমণ কৰি আহত কৰে আৰু ধর্মীয় শ্ল’গান দিবলৈ আৰম্ভ কৰে৷

কিন্তু মন্দিৰ চৌহদত উপস্থিত থকা নিৰাপত্তাৰক্ষীৰ ততপৰতাত অভিযুক্তজনক আটক কৰিবলৈ সক্ষম হয়।

আক্ৰমণকাৰীজনৰ পৰা চোকা অস্ত্ৰ, লেপটপ আৰু উৰ্দু ভাষাত লিখা সামগ্ৰীৰ লগতে আন আন আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই ঘটনাৰ তদন্তৰ দায়িত্ব এ টি এছক প্ৰদান কৰা হৈছিল।

উপ-অধীক্ষক সঞ্জয় বাৰ্মাই এই ঘটনাৰ অভিযোগনামা দাখিল কৰিছিল।

উল্লেখ্য যে, এই আক্ৰমণৰ ঘটনাৰ অভিযুক্ত মুৰ্তাজাক চৰকাৰৰ খৰচত এজন অধিবক্তা নিয়োগ কৰাৰ বিপৰীতে বিচাৰ বিভাগৰ হৈ বিনয় কুমাৰ মিশ্ৰ, আহত পিএচি জোৱান অনিল কুমাৰ পাছৱান, গোপাল গৌৰ, চিকিৎসক আদিকে ধৰি ২৭ জন লোকে সাক্ষ্যদান কৰে।

আনহাতে অভিযুক্তই নিজকে মানসিকভাৱে অসুস্থ বুলি দাবী কৰি আছিল যদিও এই সন্দৰ্ভত কোনো প্ৰমাণ নথকাৰ বাবে আদালতে তেওঁক দোষী সাব্যস্ত কৰে।