29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ভূত-প্ৰেত নহয়! এখন ‘অদৃশ্য হাতে’ নিয়ন্ত্ৰণ কৰিব ‘অসম জাতীয় পৰিষদ’ক

    সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত ৰাজনৈতিক দল খোলাৰ পিছতে সংগঠন দুটাৰ অ-ৰাজনৈতিক ভৱিষ্যতক লৈ বিভিন্ন মহলত প্ৰশ্নৰ সৃষ্টি হৈছে। ৰাজনৈতিক দলটোৰ সৈতে ভাৰসাম্যতা ৰক্ষা কৰি চলাৰ ক্ষেত্ৰত আছু, এজেৱাইচিপিয়ে কেনেদৰে কাম কৰিব তাক লৈও প্ৰশ্নৰ অৱতাৰণা হৈছে। এই সকলো প্ৰশ্নৰ অন্ত পেলোৱাৰ বাবে বিশেষ চিন্তা-চৰ্চা কৰি আছে দলটোৱে।

    প্ৰাপ্ত খবৰ অনুসৰি, আছু-এজেৱাইচিপিয়ে অ-ৰাজনৈতিক চৰিত্ৰ কেনেদৰে ৰক্ষা কৰিব এই সকলো কথাৰ ওপৰত চকু ৰাখিব এখন ‘নিৰীক্ষণ সমিতি’য়ে। আছুৰ শীৰ্ষ সূত্ৰৰ খবৰ অনুসৰি কমিটিখনক এখন ‘অদৃশ্য হাত’ৰ সৈতে তুলনা কৰিব বিচাৰে তেওঁলোকে।

    ‘নিৰীক্ষণ সমিতি’খনত বচা বচা কিছু লোকক ৰখা হ’ব। যাৰ দ্বাৰা আছু, এজেৱাইচিপিয়ে নিজৰ আশা-আকাংক্ষা, কৰিবলগীয়াখিনি অসম জাতীয় পৰিষদক জ্ঞাত কৰাব। এই ‘অদৃশ্য হাত’খনে ‘অসম জাতীয় পৰিষদ’ৰ লগতে পৰৱৰ্তী সময়ত নিৰ্বাচনত জয়ী হ’লে নিয়ন্ত্ৰণ কৰিব চৰকাৰখনক।

    যি প্ৰতিশ্ৰুতি আগত লৈ অসম জাতীয় পৰিষদৰ জন্ম হৈছে সেইক্ষেত্ৰত যাতে মূল কথাৰ পৰা কোনো কাৰণতে দলটো বিচলিত নহয় তাৰ ওপৰতো গুৰুত্ব দিব ‘নিৰীক্ষণ সমিতি’য়ে। ‘অসম জাতীয় পৰিষদ’ৰ এক শীৰ্ষ সূত্ৰৰ খবৰ অনুসৰি, দলটোৰ পিতৃ বুলিও জ্ঞান কৰা হ’ব ‘অদৃশ্য হাত’খনক।

    অসম জাতীয় পৰিষদ’ৰ মাতৃ আছু আৰু এজেৱাইচিপি। এতিয়া মানুহে সোধে পিতৃ কোন? আমাৰ মতে পিতৃ হ’ব নিৰীক্ষণ সমিতি। আৰু পিতৃয়ে দৃষ্টি ৰাখিব মাতৃ আৰু পু্ত্ৰৰ সম্বন্ধত।” অসম জাতীয় পৰিষদৰ এগৰাকী বিষয়ববীয়াই TIME8-ক এনেদৰে কয়।

    উল্লেখ্য যে, ‘নিৰীক্ষণ সমিতি’খনৰ প্ৰসংগত মাত্ৰ কেইদিনমানৰ পিছতে ঘোষণা কৰিব পাৰে আছু নেতৃত্বই। এইক্ষেত্ৰত তেওঁলোকে ইতিমধ্যে সকলো প্ৰাথমিক চিন্তা-চৰ্চা কৰিছে। কেৱল মাত্ৰ অনুষ্ঠানিকতাহে বাকী।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং