“আৰু কি হ’বলৈ বাকী আছে? এই চৰকাৰে পদত্যাগ কৰক” উন্নাও কাণ্ডক লৈ জাঙুৰ খাই উঠিল অভিনেত্ৰী স্বৰা ভাস্কৰ

0
141

“আৰু কি হ’বলৈ বাকী আছে? উত্তৰ প্ৰদেশত আৰু কি হ’বলৈ বাকী আছে অজয় বিষ্টৰ চৰকাৰে পদত্যাগ কৰক.. আৰু ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰক।” উন্নাও কাণ্ডক লৈ জাঙুৰ খাই উঠিল বলীউডৰ মোহময়ী অভিনেত্ৰী স্বৰা ভাস্কৰ।

বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ উন্নাও জিলাত দুগৰাকী ১৩ আৰু ১৬ বছৰীয়া কিশোৰীৰ মৃতদেহ আৰু আন এগৰাকী ১৭ বছৰীয়া কিশোৰী সংকটজনক অৱস্থাত উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

কিশোৰী কেইগৰাকীয়ে ঘাঁহ কাটিবলৈ আহোতে তেওঁলোকক ছুৰ্ণীৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল। ১৭ বছৰীয়া কিশোৰী গৰাকীৰ অৱস্থা এতিয়াও সংকটজনক বুলি জানিব পৰা গৈছে।

ইয়াৰ পিছতে টুইটাৰত এই ঘটনা সন্দৰ্ভত সৰৱ হৈ পৰিছে বলীউডৰ মোহময়ী অভিনেত্ৰীসকলো।

লগতে স্বৰাই লিখে- কোনেও ভুল নকৰিব…উন্নাওত বিশেষকৈ দলিত মহিলাকসকলে মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা বৃদ্ধি হৈছে।

আৰু পঢ়ক : শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি চন্ডিঘাট চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি