বাংলাদেশ প্ৰিমিয়াৰ লীগত প্ৰথমজন ভাৰতীয় ক্ৰিকেটাৰৰ প্ৰৱেশ

0
18308

ভাৰতৰ ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপ বিজয়ী প্ৰাক্তন অধিনায়ক উন্মুক্ত চান্দে বাংলাদেশ প্ৰিমিয়াৰ লীগত চট্টগ্ৰাম চেলেঞ্জাৰছত যোগদান কৰিছে। বুধবাৰে অনুষ্ঠিত হোৱা খেলুৱৈ ড্ৰাফটত চান্দক নিৰ্বাচিত কৰা হয়।

ইয়াৰ পিছতে তেওঁ বিপিএল (বাংলাদেশ প্ৰিমিয়াৰ লীগ) ফ্ৰেঞ্চাইজিৰ বাবে চুক্তিবদ্ধ হোৱা প্ৰথমজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়।

তাৎপৰ্যপূৰ্ণভাৱে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ চুক্তিবদ্ধ ক্ৰিকেটাৰসকলক বিদেশী লীগত খেলিবলৈ দিয়া হোৱা নাই।

অৱশ্যে উন্মুক্তৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয় কিয়নো তেওঁ ভাৰতৰ ঘৰুৱা ক্ৰিকেটৰ পৰা সম্পূৰ্ণৰূপে অৱসৰ গ্ৰহণ কৰি ২০২২ চনত আমেৰিকাৰ মেজৰ লীগ ক্ৰিকেট (এম এল চি)ৰ সৈতে তিনি বছৰৰ বাবে চুক্তিবদ্ধ হৈছিল।

২০১২ চনত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপত উন্মুক্ত চান্দৰ নেতৃত্বতে ভাৰতে খিতাপ দখল কৰিছিল। ফাইনেল মেচত তেওঁ শতক অৰ্জন কৰিছিল আৰু টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছিল।

কিন্তু প্ৰাৰম্ভিক সফলতাৰ পিছত তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আশা কৰা ধৰণে সফল নহ’ল।

ভাৰতীয় ক্ৰিকেটক বিদায় জনোৱাৰ পিছত চান্দে মেলবৰ্ণ ৰেনেগেডছৰ হৈ বিগ বেছ লীগ (বিবিএল)তো খেলিছিল।

আগন্তুক বাংলাদেশ প্ৰিমিয়াৰ লীগ (বিপিএল) ছিজনৰ বাবে বহিঃৰাষ্ট্ৰৰ খেলুৱৈ শাখাৰ পৰা দ্বিতীয় ৰাউণ্ডত চেলেঞ্জাৰছ দলে বাছি লৈছিল চান্দক।

উল্লেখ্য যে, ৬ জানুৱাৰিৰ পৰা আৰম্ভ হ’ব বিপিএল ২০২৩ৰ ছিজন।