
প্ৰতিবাদ কৰিবলৈ সদায়ে অভিনৱ পন্থা বাচি লৈ ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱা মৰিয়নীৰ বিধায়ক ৰূপজ্যেতি কুৰ্মীয়ে এইবাৰ লিখিলে তেজেৰে চিঠি। কালৈ চিঠি লিখিছে বিধায়কগৰাকীয়ে?

অসমৰ কেইবাটাও উদ্যোগৰ ভৱিষ্যত সুনিশ্চিতকৰণৰ দাবীত চৰকাৰলৈ আঙুলি কাটি তেজেৰে চিঠি লিখিলে বিধায়ক কুৰ্মীয়ে। তেওঁ তেজেৰে লিখা চিঠি আঁৰিলে বিধানসভাৰ চৌহদত। ৰূপজ্যোতি কুৰ্মীৰ এই অভিনৱ প্ৰতিবাদৰ প্ৰতি চৰকাৰৰ সঁহাৰি কেনেধৰণৰ হ’ব সেয়া পৰৱৰ্তী পৰ্যায়ত হে গম পোৱা যাব।