33 C
Guwahati
Wednesday, October 13, 2021
More

    বিনামূলীয়া ক’ভিড ভেকচিনৰ বাবেই বৃদ্ধি হৈছে ইন্ধনৰ মূল্য : কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

    বিনামূলীয়া ক’ভিড ভেকচিনৰ বাবেই বৃদ্ধি হৈছে ইন্ধনৰ মূল্য : কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

    দেশত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধিক লৈ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে শেহতীয়াভাৱে কৰা এক মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে।

    কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে বিনামূলীয়া ক’ভিড বিতৰণৰ ফলতে দেশত ইন্ধনৰ দ্ৰুত মূল্য বৃদ্ধি হৈছে মন্তব্য কৰে।

    “ ইন্ধনৰ মূল্য অধিক নহয় কিন্তু ইয়াৰ ওপৰত কৰ আৰোপ কৰা হয়। আপোনালোকে যেতিয়া বিনামূলীয়া ক’ভিড ভেকচিন গ্ৰহণ কৰে তেতিয়া সেই টকা ক’ৰ পৰা আহে? আপোনালোকে ইয়াৰ বাবে ধন নিদিয়ে, এনেকৈয়ে ইয়াক সংগ্ৰহ কৰা হয়,” পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এইদৰে কয়।

    কেন্দ্ৰীয় মন্ত্ৰী তেলীৰ এই মন্তব্যৰ পাছতে সামাজিক মাধ্যমত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ ব্যক্তব্যক তীব্ৰ সমালোচনা কৰা হয়।

    অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাই তেলীৰ মন্তব্যক সমালোচনা কৰি কয় যে, বিজেপিয়ে বিনামূলীয়া ক’ভিড ভেকচিনৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু এতিয়া অধিক মূল্যত ইন্ধন ক্ৰয় কৰি জনতাই এই ধন পৰিষোধ কৰিবলগীয়া হৈছে। বিজেপিৰ নেতাৰ মুখেৰেই এই তিতা সত্য প্ৰকাশ পাইছে।

    আৰু পঢ়ক : আই এম এফৰ অনুমান, চলিত বৰ্ষত ৯.৫ শতাংশ হাৰত বিকাশ হ’ব ভাৰতীয় অৰ্থনীতি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং