টকাৰ অভাৱ নাই, দুবছৰৰ ভিতৰতে আমেৰিকাৰ দৰে হ’ব ৰাস্তা-ঘাট : নীতিন গাডকাৰী

0
752
প্ৰতিনিধিত্বমূলক চিত্ৰ

মাত্ৰ ২ বছৰৰ ভিতৰত দেশৰ ৰাস্তা-ঘাট আমেৰিকাৰ দৰে হ’ব। বৃহস্পতিবাৰে ৰাজ্যসভাত বিৰোধীৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে এই প্ৰতিশ্ৰুতি প্ৰদান কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰৰ পুঁজিৰ অভাৱ নাই বুলি উল্লেখ কৰি তেওঁ কয় যে ২০২৪ চনৰ ভিতৰত ভাৰতৰ আন্তঃগাঁথনি আমেৰিকা যুক্তৰাষ্ট্রৰ দৰেই ভাল হ’ব৷

তেওঁ লগতে দাবী কৰে যে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (এনএইচএআই)ৰ কোনো পুঁজিৰ অভাৱ নাই আৰু আৰ্থিকভাৱে অতি শক্তিশালী।

সংসদত ভাষণ দি গাডকাৰীয়ে কয় যে মই প্ৰতিশ্ৰুতি দিছো যে ২০২৪ চনৰ পূৰ্বে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ পথৰ আন্তঃগাঁথনি আমেৰিকাৰ দৰেই হ’ব।

ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে অহা তিনি বছৰত চৰকাৰে দেশত ২৬টা গ্ৰীণ এক্সপ্ৰেছৱে নিৰ্মাণৰ পৰিকল্পনা কৰিছে। এই প্ৰকল্পৰ পাছত দিল্লীৰ পৰা ডেৰাডুন, হৰিদ্বাৰ অথবা জয়পুৰলৈ যাত্রা মাত্র ২ ঘণ্টাৰ ভিতৰতে কৰিব পৰা যাব৷