26 C
Guwahati
Thursday, May 26, 2022
More

    ২০২২ চনত হালদিয়ালৈ ব্ৰহ্মপুত্ৰৰে কাৰ্গো জাহাজ চলাচল কৰোৱাক লৈ আশাবাদী মুখ্য মন্ত্ৰী সোণোৱাল

    ২০২২ চনত হালদিয়ালৈ ব্ৰহ্মপুত্ৰৰে কাৰ্গো জাহাজ চলাচল কৰোৱাক লৈ আশাবাদী মুখ্য মন্ত্ৰী সোণোৱাল

    কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মালবাহী জাহাজসমূহে ২০২২ চনৰ শেষভাগলৈ ব্ৰহ্মপুত্ৰৰে যাত্ৰা আৰম্ভ কৰিব বুলি আশা প্ৰকাশ কৰে।

    ইতিমধ্যে জলপথ মসৃণ কৰাৰ লক্ষ্যৰে মন্ত্ৰ্যালয়ৰ দ্বাৰা ড্ৰেজিং আৰম্ভ কৰা হৈছে বুলিও সোণোৱালে কয়। তদুপৰি, বাংলাদেশ চৰকাৰে ভাৰত চৰকাৰৰ সহযোগত শদিয়াৰ পৰা বাংলাদেশ হৈ হালদিয়ালৈ ২০০০ কিলোমিটাৰ দীঘল জলপথছোৱা এক মসৃণ জলপথ হিচাপ গঢ়ি তুলিবলৈ কাম কৰি আছে বুলি সোণোৱালে উল্লেখ কৰে।

    প্ৰধান মন্ত্ৰী গতি শক্তিৰ দৃষ্টিভংগীৰ কথা প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতৰ অৰ্থনৈতিক সমৃদ্ধি পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত উত্তৰ-পূবে এক গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰিব বুলি কয়।

    ভাৰতৰ অৰ্থনৈতিক প্ৰত্যাৱৰ্তনত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ অৱদানৰ সম্ভাৱনাক অনুধাৱন কৰি অঞ্চলটোৰ জলপথ নিৰ্মাণ আৰু ইয়াক বংগোপসাগৰৰ মুখ্য বন্দৰৰ সৈতে সংযোগ কৰাৰ প্ৰচেষ্টা চলি আছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়।

    এই পদক্ষেপে কেবল অঞ্চলটোৰ অৰ্থনৈতিক সম্ভাৱনাক গতিশীলতা প্ৰদান কৰাই নহয় কিন্তু স্থলবেষ্টিত অঞ্চলটোক আন্তৰ্জাতিক বাণিজ্য পথসমূহৰ সৈতে পোনপটীয়া সম্পৰ্ক স্থাপন কৰিব বুলি উল্লেক কৰে।

    সোণোৱালে কয় যে, মিজোৰাম, ত্ৰিপুৰা আৰু অসমক ম্যানমাৰ আৰু বাংলাদেশৰ কৌশলগত বন্দৰৰ সৈতে সংযোগ কৰিবলৈ অক্লান্ত চেষ্টা কৰি আছে বুলিও মন্তব্য কৰে।

    আৰু পঢ়ক : সত্ৰৰ ভূমি বেদখল সম্পৰ্কত প্ৰতিবেদনৰ বাবে কাম আৰম্ভ কৰিছে তিনিজনীয়া আয়োগে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং