উত্তৰপ্ৰদেশত বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীৰ কনভয়ৰ ওপৰত দুৰ্বৃত্তৰ শিলাবৰ্ষণ

0
110
বিজেপিৰ কেন্দ্ৰীয়
ফটো সৌজন্য- ইণ্টাৰনেট

উত্তৰপ্ৰদেশত বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীৰ কনভয়ৰ ওপৰত দুৰ্বৃত্তৰ শিলাবৰ্ষণ

উত্তৰপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত অংশগ্ৰহণ কৰাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী সত্যপাল সিং বাঘেলৰ কনভয়ৰ ওপৰত মঙলবাৰে আক্ৰমণ সংঘটিত হয়।

উত্তৰপ্ৰদেশৰ মইনপুৰীৰ আতিকুলাপুৰ গাঁৱৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী সত্যপাল সিং বাঘেলৰ কনভয়ৰ ওপৰত অচিনাক্ত দুৰ্বৃত্তই শিল আৰু ইটাৰে আক্ৰমণ কৰে।

অৱশ্যে এই আক্ৰমণত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ কনভয়ৰ কোনো এজন লোক আঘাতপ্ৰাপ্ত হোৱা নায়।

অৱশ্যে, কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ কনভয়ৰ দুখন গাড়ী দুৰ্বৃত্তৰ শিলাবৰ্ষণত ক্ষতিগ্ৰস্ত হয় বুলি উত্তৰপ্ৰদেশ আৰক্ষীয়ে উল্লেখ কৰে।

উত্তৰপ্ৰদেশ আৰক্ষীয়ে উল্লেখ কৰা মতে, আক্ৰমণ সংঘটিত কৰা দুৰ্বৃত্তসকলে সমাজবাদী পাৰ্টিৰ সমৰ্থন শ্লোগান দি বিজেপিৰ নেতা গৰাকীৰ কনভয়ত আক্ৰমণ সংঘটিত কৰে।

বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

কিছুদিন পূৰ্বে উত্তৰপ্ৰদেশৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ আহি থকা অৱস্থাত হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিৰ কনভয়ৰ ওপৰতো আক্ৰমণ সংঘটিত কৰা হৈছিল।

আৰু পঢ়ক : চলিত বৰ্ষৰ পদ্মশ্ৰী সন্মান প্ৰত্যাখান কৰা বিশিষ্ট কণ্ঠশিল্পী সন্ধ্যা মুখাৰ্জীৰ বিয়োগ, প্ৰধান মন্ত্ৰীৰ শোকপ্ৰকাশ