32 C
Guwahati
Sunday, September 19, 2021
More

    অসম-মিজোৰাম সংঘাত; আজি দুয়োখন ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানেৰে কেন্দ্ৰীয় গৃহ সচিবৰ বৈঠক

    অসম-মিজোৰাম সংঘাত; আজি দুয়োখন ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানেৰে কেন্দ্ৰীয় গৃহ সচিবৰ বৈঠক

    অসম-মিজোৰাম সীমান্তত হোৱা ৰক্তাক্ত পৰিৱেশৰ পিছত কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভালাই আজি দুয়োখন ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব।

    ৰাতিপুৱা ১০.৩০ বজাত গৃহ মন্ত্ৰ্যালয়ত হ’বলগীয়া এই হাইভল্টেজ বৈঠকখনৰ অধ্যক্ষতা কৰিব গৃহ সচিব অজয় কুমাৰ ভালাই।   

    উল্লেখ্য যে সোমবাৰে মিজো আৰক্ষীৰ বৰ্বৰ আক্ৰমণত অসম আৰক্ষীৰ ছয়গৰাকী জোৱান শ্বহীদ হোৱাৰ লগতে ৬০ ৰো অধিক লোক আহত হৈছিল।

    কাছাৰ জিলাৰ লাইলাপুৰ সীমান্তত সংঘটিত এই ঘটনাই অসমবাসীৰ লগতে দেশবাসীৰ মনত যথেষ্ট আঘাত দিছিল।

    এই সকলোবোৰ ঘটনাৰ বিস্তৃত আলোচনাৰ বাবে নতুন দিল্লীলৈ মাতি পঠিয়াইছিল দুয়োখন ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক।

    উল্লেখ্য যে দীৰ্ঘদিন ধৰি চলি থকা সীমা সমস্যাৰ বাবে ভৱিষ্যতে যাতে মিজো দুৰ্বৃত্তই অসমৰ ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে সীমান্তত ৪ হাজাৰ কমাণ্ডো মোতায়েন কৰাৰ সিদ্ধান্ত লৈছে।

    আৰু পঢ়ক : বনৰীয়া হাতীৰ জাকৰ মুক্ত বিচৰণ, কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং