28.3 C
Guwahati
Thursday, October 14, 2021
More

    বিজেপি এৰাৰ পাছতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ নিৰাপত্তা হ্ৰাস

    বিজেপি এৰাৰ পাছতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ নিৰাপত্তা হ্ৰাস কৰা হৈছে।

    শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ নিৰাপত্তা জেদ কেটেগোৰীৰ পৰা ৱাই কেটেগোৰিলৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰে।

    এতিয়াৰে পৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ক ভ্ৰমণৰ সময়ত দুজন অস্ত্ৰধাৰী নিৰাপত্তাৰক্ষীয়ে নিৰাপত্তা প্ৰদান কৰিব।

    চোৰাংচোৱা এজেঞ্চিৰ তথ্যৰ ভিত্তিতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে সদৰী কৰে।

    উল্লেখযোগ্য যে, বিজেপিৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই বিজেপি ত্যাগ কৰাৰ পাছতে শনিবাৰে তৃণমূল কংগ্ৰেছত যোগদান কৰে।

    মোদীৰ নতুন মন্ত্ৰী সভাৰ পৰা বাবুল সুপ্ৰিয়ৰ নাম বাদ পৰাৰ পাছতে পশ্চিমবংগৰ নেতা গৰাকীয়ে ৰাজনীতি ত্যাগ কৰিম বুলি উল্লেখ কৰিছিল।

    অৱশ্যে সুপ্ৰিয়ই ৰাজনীতি ত্যাগ নকৰি বিজেপি এৰি তৃণমূল কংগ্ৰেছতহে যোগদান কৰিলে।

    বিগত পশ্চিমবংগ বিধানসভা নিৰ্বাচনতো বাবুল সুপ্ৰিয় তৃণমূল কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বিৰ হাতত পৰাস্ত হৈছিল।

    আৰু পঢ়ক : ‘মই কাইলৈ পাকিস্তানলৈ যাম,’ পাকিস্তানৰ প্ৰতি সমৰ্থনেৰে কিয় এনেদৰে লিখিলে ক্ৰিছ গেইলে!

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং