কাইলৈ গুৱাহাটীলৈ আহিব অমিত শ্বাহ আৰু জে পি নড্ডা, পাছে ক’ত কিদৰে চলাব বাহন

0
1152
ফাইল ফটো

কাইলৈ গুৱাহাটীলৈ আহিব অমিত শ্বাহ আৰু জে পি নড্ডা, পাছে ক’ত কিদৰে চলাব বাহন। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে উপস্থিত থাকিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা।

বহু কাৰ্যসূচী লৈ গুৱাহাটীলৈ আহিব বিজেপিৰ দুই শীৰ্ষ নেতা। এক বুথ কমিটিৰ সভাতো অংশ লব নেতা দুগৰাকীয়ে। অমিত শ্বাহৰ উপস্থিতিত গঠিত হব বিজেপিৰ ক’ৰ কমিটি।

৮ অক্টোবৰত নেতা দুগৰাকীয়ে উদ্বোধন কৰিব বিজেপিৰ নৱনিৰ্মিত বশিষ্ঠৰ কাৰ্যালয়।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু জেপি নড্ডাৰ গুৱাহাটী ভ্ৰমণ আৰু তিনিদিনত গুৱাহাটীত হ’ব লগীয়া কেইবাখনো গুৰুত্বপূৰ্ণ সভাক লৈ গুৱাহাটীত জাৰি কৰা হৈছে নতুন পথ নিৰ্দেশনা।

৭ অক্টোবৰত পুৱা ১১ বাজি ৩০ মিনিটৰ পৰা নিশা ১১ বজালৈ ২৭ নং আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৬ চকা বা তাতকৈ ওপৰৰ বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচল বন্ধ।

৮ অক্টোবৰত পুৱা ৭ বজাৰ পৰা নিশা ১১ বাজি ৩০ মিনিটলৈ ২৭ আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰিচকীয়া বা তাতকৈ ওপৰৰ বাণিজ্যিক বাহনৰ চলাচল বন্ধ।

৯ অক্টোবৰত পুৱা ৮ বজাৰ পৰা পুৱা ১১ বাজি ৩০ মিনিটলৈ DG RPAD, AT ROAD, MG ROAD, KLB ROAD, TAIBULLA ROAD, GNB ROAD, B BORUAH ROAD, LGS ROAD ত সকলোধৰণৰ বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচল বন্ধ থাকিব।

বাণিজ্যিক বাহনৰ বাদে অন্য বাহনৰ চলাচল সাধাৰণ ধৰণেই অব্যাহত থাকিব।