ত্ৰিপুৰাত নাৰীৰ বাবে চৰকাৰী চাকৰিত ৩৩% সংৰক্ষণৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ

0
119
ত্ৰিপুৰাত নাৰীৰ বাবে চৰকাৰী চাকৰিত ৩৩% সংৰক্ষণৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় গৃহ
ফাইল ফটো

ত্ৰিপুৰাত নাৰীৰ বাবে চৰকাৰী চাকৰিত ৩৩% সংৰক্ষণৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ

আন্তঃৰা্ষ্ট্ৰীয় নাৰী দিৱসৰ ক্ষণত দেশৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মঙলবাৰে ত্ৰিপুৰাত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত মহিলা সকলৰ বাবে ৩৩%  সংৰক্ষণৰ ব্যাৱস্থা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

ত্ৰিপুৰাৰ আগৰতলাত বিজেপিৰ চাৰি বছৰীয়া কাৰ্য্যকালৰ বৰ্ষপুৰ্তিৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে এই ঘোষণা কৰে।

অমিত শ্বাহে জনতাক সম্বোধন কৰি ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ৰাজ্যখনত ৰাজনৈতিক হত্যা বন্ধ কৰা বুলি উল্লেখ কৰাৰ লগতে পূৰ্বৰ চিবিআই-এম চৰকাৰে বিৰোধীৰ তেজেৰে ফাকু খেলিছিল বুলি কয়।

“ৰাজনৈতিক বিৰোধী দলৰ নেতা-কৰ্মীৰ তেজেৰে ত্ৰিপুৰাত কমিউনিষ্ট শাসকৰ দিনত হোলী উদযাপন কৰা হৈছিল কিন্তু মই সুখী যে আমাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ত্ৰিপুৰাত ৰাজনৈতিক হত্যাযজ্ঞৰ সামৰণি ঘটালে,” অমিত শ্বাহে ভাষণত কয়।

অমিত শ্বাহে ত্ৰিপুৰাত বিজেপিৰ পাঁচ বছৰীয়া কাৰ্য্যকালৰ সামৰণিৰ পাছত পুনৰ জনসাধাৰণক এটা কাৰ্য্যাকালৰ বাবে নিৰ্বাচিত কৰিবলৈ আহ্বান জনাই যাতে ত্ৰিপুৰাত দেশৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিব পৰা যায়।

আনহাতে, পূৰ্বে ত্ৰিপুৰাৰ যুৱ প্ৰজন্মক নিচাঁৰ মাজত ৰখা হৈছিল বুলিও অমিত শ্বাহে কমিউনিষ্ট পাৰ্টিক সমালোচনা কৰে।

আৰু পঢ়ক : কাশ্মীৰকলৈ চোৰাংচোৱা সংস্থাৰ হাই এলাৰ্ট, পাকিস্তানৰ কূটকৌশলক লৈ খবৰ লাভ