অসম-মিজোৰাম সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা হ’ব দুখন সমিতি

0
249
অসম-মিজোৰাম সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা হ'ব দুখন সমিতি

অসম-মিজোৰাম সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা হ’ব দুখন সমিতি

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

বৈঠকখন শ্বাহৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত হৈছিল।

আজিৰ এই বৈঠকখনত দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমাকেন্দ্ৰিক বিবাদৰ লগতে অন্যান্য বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয়।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াযোগে জানিব দিয়া অনুসৰি আগন্তুক দিনত দুয়োখন ৰাজ্যই সীমান্ত সমস্যা সমাধানৰ বাবে দুখন সমিতি গঠন কৰিব।

ইয়াৰ উপৰি এই বিষয়টোক লৈ সময়ে সময়ে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বৈঠকত মিলিত হ’ব বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে জুলাইৰ শেষৰ ফালে সংঘটিত সীমান্তকেন্দ্ৰিক সংঘৰ্ষৰ ফলত অসম আৰক্ষীৰ ছয়জনকৈ জোৱানে নিহত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে বৃহস্পতিবাৰে দুয়োজন মুখ্যমন্ত্ৰীয়ে অসম ভৱনত মিলিত হয়।

এই বৈঠকখন দুয়োগৰাকী নেতাই ‘সৌহাৰ্দ্যপূৰ্ণ’ বুলি বৰ্ণনা কৰিছিল।

উল্লেখ্য যে সীমা সমস্যাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ৰক্তাক্ত পৰিৱেশৰ পিছত দুয়োখন ৰাজ্যত শান্তি স্থাপন আৰু অতি সোনকালে সমস্যাটো সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰাৰ বাবে দুয়োপক্ষৰ প্ৰশাসকসকলে আগষ্ট মাহতে প্ৰথমলানি বৈঠকত মিলিত হৈছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে হোৱা আজিৰ বৈঠকত অসমৰ কৃষি মন্ত্ৰী অতুল বৰাও উপস্থিত আছিল।

আৰু পঢ়ক : পুনৰ বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাক কেন্দ্ৰীয় কাৰাগাৰত গ্ৰেপ্তাৰ