ধান বেছি ঘৰলৈ আনিছিল ৯ লাখ টকা, চোৰে সকলো ধনসহ লুটি নিলে সোণৰ অলংকাৰ

0
2366

শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত নগাঁও জিলাৰ হোজাইৰ অন্তৰ্গত ১ নং কাকী টঙীয়াৰ বাসিন্দা হলিৰাম মহতুৰ ঘৰত দুটাকৈ চোৰে প্ৰৱেশ কৰি ঘৰৰ ধন-সম্পত্তি লুটি লৈ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে সন্ধিয়া ঘৰৰ পদুলিত থকা নিজৰ দোকানত আছিল হলিৰাম আৰু পত্নী গৈছিল নিজৰ মাতৃৰ ঘৰলৈ।

ঘৰৰ গৰাকীৰ পদুলিত দোকান থকাৰ বাবেই ঘৰৰ দুৱাৰ খোল খাই আছিল আৰু ইয়াৰ সুযোগ লৈয়ে এটা চোৰে ঘৰত প্ৰৱেশ কৰে। ঘৰটোত প্ৰৱেশ কৰাৰ সময়ত আন এজন চোৰে ঘৰৰ গৰাকীজনৰ গতি বিধি নিৰীক্ষণ কৰি সকলো তথ্য মোবাইলেৰে আন জন চোৰলৈ প্ৰেৰণ কৰি আছিল।

অতি কৌশল প্ৰয়োগ কৰি চোৰে আগফলৰ দুৱাৰেৰে প্ৰৱেশ কৰি পিছফালৰ দুৱাৰেৰে নগদ ধনসহ সকলো সম্পত্তি লৈ যায়।

প্ৰাপ্ত খবৰ অনুসৰি, চোৰ কেইজনে চুৰি কাৰ্য কৰাৰ সময়ত সেৱন কৰিছিল চিগাৰেট, ইয়াৰ উপৰি ঘৰৰ দেৱালৰ কাষতে কৰি থৈ যায় শৌচ।

ব্যৱসায় কৰা হলিৰামে অতি কষ্টৰে কৰ্ম কৰি ধান বেছি ঘৰলৈ আনিছিল ৯ লাখ টকা। কিন্তু চোৰে সকলো সপোন শেষ কৰি টকাসহ লৈ যায় সোণৰ অলংকাৰ।

এতিয়া উপায়ন্তৰ হৈ পৰিছে হলিৰাম।

ইতিমধ্যে কাকী আৰক্ষী থানত অভিযোগ দিছে যদিও এতিয়ালৈ চোৰৰ কোনো সন্ধান লাভ কৰা নাই, অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।