শোকাৱহ দুৰ্ঘটনা; নিৰ্মাণাধীন গুদামৰ দেৱাল খহি ৫ জন শ্ৰমিকৰ কৰুণ মৃত্যু

0
972

শুকুৰবাৰে দিল্লীৰ আলিপুৰত অৱস্থিত এটা গুদামৰ দেৱাল খহি পৰাৰ ফলত ৫ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে।

এতিয়ালৈকে ১৪ জন আহত শ্ৰমিকক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গুদামটোত ২০ৰ পৰা ২৫ জন শ্ৰমিকে কাম কৰি আছিল।

আশংকা কৰা অনুসৰি দেৱালৰ তলত এতিয়াও কেইবাজনো শ্ৰমিক আৱদ্ধ হৈ আছে। অৱশ্যে ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলত উপস্থিত হোৱা আৰক্ষী প্ৰশাসনে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান।

এতিয়ালৈকে ১০ জন লোকক উদ্ধাৰ কৰা হৈছে। আহত লোক কেইজনক চিকিৎসাৰ বাবে ৰাজা হৰিশ চন্দ্ৰ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে অভিযোগ লাভ কৰাৰ পিছতো অবৈধভাৱে নিৰ্মাণ কাৰ্য চলি থকা গুদামটোৰ নিৰ্মাণ কাৰ্য বন্ধ কৰা নাছিল ডি এম আৰু এছ ডি এমৰ কাৰ্যালয়ে।