
লজ্জাজনক ঘটনা ! খুৰাকে ধৰ্ষণ কৰিলে নিজৰ ৭ বছৰীয়া ভতিজাকক , কান্দি কান্দি বৰ্ণনা কৰিলে সকলো
বিহাৰৰ সমস্তিপুৰত এক লজ্জাজনক ঘটনা পোহৰলৈ আহিছে। ইয়াত এজন খুৰাকে তেওঁৰ নিজৰ সাত বছৰীয়া ভতিজীক ধৰ্ষণ কৰিছিল। ঘটনাটো তাজপুৰ আৰক্ষী থানা অঞ্চলত সংঘটিত হৈছে।
জানিব পৰা মতে তাজপুৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত এখন গাঁৱত অৱস্থিত মহাদলিত বস্তিত বাস কৰা এজন ব্যক্তিয়ে তেওঁৰ ৭ বছৰীয়া ভতিজীক তেওঁৰ ঘৰলৈ লৈ গৈছিল। তাৰ পিছত তেওঁ শিশুটিক ধৰ্ষণ কৰে। ধৰ্ষণ কৰাত শিশুটোৱে জোৰ জোৰকৈ চিঞৰিবলৈ ধৰে।
শিশুটিৰ চিঞৰ শুনি স্থানীয় লোক সকল তাত উপস্থিত হয়। স্থানীয় লোক সকলে ব্যক্তিজনক ধৰিছিল আৰু লগে লগে আৰক্ষীক খবৰ দিছিল। তথ্য পোৱাৰ পিছত, আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে ।
আৰক্ষীৰ আগত শিশুটিয়ে কান্দি কান্দি কয় যে “খুড়াই মোৰ সৈতে বেয়া কাম কৰিছিল”।