দুই খুৰাকৰ হাতত ধৰ্ষণৰ বলি হৈছিল, পেটৰ বিষ হোৱাত মাতৃয়ে সকলো জানিয়ো ঔষধ খুৱাই মনে মনে থাকিবলৈ কৈছিল…

0
3964

দুই খুৰাকৰ হাতত ধৰ্ষণৰ বলি হৈছিল, পেটৰ বিষ হোৱাত মাতৃয়ে সকলো জানিয়ো ঔষধ খুৱাই মনে মনে থাকিবলৈ কৈছিল…

এক ২৮ বছৰীয়া পুৰণি ধৰ্ষণৰ কাহিনী শুনি আৰক্ষীয়ো আচৰিত হৈ পৰিছে, লগতে পৰিয়াল তথা নিজৰেই জন্মদাত্ৰী মাতৃৰ কুকৰ্মৰ বিষয়ে শুনি আৰক্ষীয়ো তবধ মানিছে।

কিদৰে এগৰাকী মাতৃয়েই হৈ পৰিব পাৰে নিজৰেই কন্যাৰ লগত হোৱা অন্যায়ৰ মূল কাৰণ। এই ঘটনা উত্তৰ প্ৰদেশৰ । এগৰাকী ৩৮ বৰ্ষীয় মহিলাই আৰক্ষীৰ কাষ চাপি নিজৰ লগত হোৱা ধৰ্ষণৰ গোচৰ তৰে।

অৱশ্যে এই ধৰ্ষণ ৩৮ বৰ্ষয়ী মহিলাগৰাকীৰ লগত এতিয়া নহয় বৰঞ্চ ৭ বছৰ বয়সৰ পৰা কেইবাবাৰো হৈছে। ৭ বছৰ বয়সত প্ৰথম বাৰৰ বাবে ধৰ্ষণৰ বলি হয় খুৰাকৰ হাতত পাছত কেইবাবাৰো সেই খুৰাকে কামনাৰ বলি কৰে কনমানিক।

পাছত ১১ বছৰ বয়সত আন এগৰাকী খুৰাকেও ধৰ্ষণ কৰে কনমানিক। যি বৰ্তমানে ৩৮ বৰ্ষীয় এগৰাকী বিবাহিত মহিলা। মহিলাগৰাকীৰ কাহিনী শুনি আচৰিত হৈ পৰিছে আৰক্ষী।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, আজিৰ পৰা ২৮ বছৰ পূৰ্বে এগৰাকী মহিলাই এক দুৰ্ঘটনাত পিতৃক হেৰুাৱই। স্বামীক হেৰুৱাৰ পাছত নিজৰ ৭ বছৰীয়া কন্য়াক লৈ আন এগৰাকী ব্যক্তিৰ সৈতে বিয়াত বহে মাতৃ।

কিন্তু সেই দ্বিতীয় স্বামীৰ দুই ভাতৃৰ বেয়া দৃষ্টি পৰে কনমানি কন্যাৰ ওপৰত। এই ঘটনা ১৯৮৮ চনৰ। সতীয়া পিতৃৰ সৰু ভায়েকে মাত্ৰ সাত বছৰ বয়সতে ধৰ্ষণ আৰু শাৰীৰিক উৎপীড়ন আৰম্ভ কৰিছিল ভুক্তভোগীৰ ওপৰত।

যেতিয়া মাকক খুৰাকৰ কাৰ্য্যৰ বিষয়ে কৈছিল কনামনিয়ে তেতিয়া মাতৃয়ে এই বিষয়ে বিৰোধ কৰাৰ সলনি ওলোটাই মনে মনে থাকিবলৈহে নিৰ্দেশ দিছিল। যি কাৰ্যৰ অধিক সুযোগ লৈছিল খুৰাকে। পাছলৈ আনগৰাকী খুৰাকেও সুযোগ লয় এই কাৰ্যত।

পাছলৈ এই সকলো সহ্য কৰি হলেও ডাঙৰ হৈ ২০১১ চনত এগৰাকী নৌ সেনাৰ বিষয়াৰ সৈতে বিয়াত বহে । কিন্তু তথাপি যেন শেষ হোৱা নাছিল একো। ২০২১ বৰ্ষত সতীয়া পিতৃৰ ফালৰ পৰা জন্ম পোৱা সতীয়া ভাতৃয়ে বায়েকক মাতি নি মাৰপিট কৰাৰ লগতে ধৰ্ষণৰ চেষ্টা চলায়।

এইবাৰ পিছে মনে মনে নাথিকল ভুক্তভোগি। লগে লগে স্বামীৰ সহায়ত কাষ চাপিল আৰক্ষীৰ। আৰক্ষীৰ ওচৰত গোচৰ তৰিলে মাতৃ, সতীয়া পিতৃ, দুই খুৰাক আৰু সতীয়া ভাতৃৰ বিৰুদ্ধে।