
বজাৰলৈ আহিল প্ৰথমখন ইলেট্ৰিক স্পোৰ্টচ বাইক ! প্ৰতি ঘণ্টাত দৌৰিব ১৫০ কিলোমিটাৰ
ইলেট্ৰিক চাৰিচকীয়া বাহনৰ পিছত এইবাৰ বজাৰলৈ আহিলে ইলেট্ৰিক বাইক ।বেংগালুৰুস্থিত বৈদ্যুতিক বাহন ষ্টাৰ্ট-আপ আল্ট্ৰাভায়লেট অটোমোটিভ প্ৰাইভেট লিমিটেডে আজি ঘৰুৱা বজাৰত ইয়াক মুকলি কৰে।
এক আকৰ্ষণীয় মডেলৰ লগতে বৈদ্যুতিক মটৰেৰে সজ্জিত, এই স্পোৰ্টচ বাইকখন তিনিটা বিকল্প আৰু দুটা প্ৰকাৰত মুকলি কৰা হৈছে। এই বাইকখনৰ আনুষ্ঠানিক বুকিং আৰম্ভ হৈছে আৰু ইয়াৰ প্ৰাৰম্ভিক মূল্য ৩.৮০ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে।
কোম্পানিটোৱে কৈছে যে এই বাইকখনৰ টেকনিকবোৰ আন বাইকত কৈ পৃথক হ’ব। এই বাইক খনত ১০.৫ কিলোৱাট ক্ষমতাৰ বেটাৰী পেক ব্যৱহাৰ কৰা হৈছে যি বাইকখনক ৩০৭ কিলোমিটাৰ পৰ্যন্ত ড্ৰাইভিং পৰিসৰ প্ৰদান কৰে। ই হৈছে দেশৰ প্ৰথমখন দ্ৰুততম বৈদ্যুতিক বাইক।
ইয়াৰ শীৰ্ষ গতি হৈছে প্ৰতি ঘণ্টাত ১৫০ কিলোমিটাৰ। ইয়াৰ বৈদ্যুতিক মটৰে ২৯ কিলোৱাট শক্তি আৰু ৯০ এনএম টৰ্ক উৎপন্ন কৰে। এই বাইকখনৰ সৈতে দ্ৰুত চাৰ্জিং সুবিধাও উপলব্ধ হ’ব। যাৰ সহায়ত মাত্ৰ ১ ঘণ্টা বাইকখনৰ বেটাৰী চাৰ্জ কৰিয়ে আপুনি ৩৫ কিলোমিটাৰ পৰ্যন্ত চলাই যাব পাৰিব।