23.9 C
Guwahati
Saturday, September 18, 2021
More

    অপহৃত অ’ এন জি চিৰ কৰ্মচাৰী ৰিতুল শইকীয়াক আলফা স্বাধীনে মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে

    অপহৃত অ’ এন জি চিৰ কৰ্মচাৰী ৰিতুল শইকীয়াক আলফা স্বাধীনে মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে। ৰিতুল শইকীয়াক নগালেণ্ডৰ ম্যানমাৰ সীমান্তত থকা মন জিলাৰ চংচা বস্তীত মুকলি কৰি দিয়া বুলি সম্ভেদ লাভ।

    ২১ মে’ৰ শুকুৰবাৰে পুৱাই আহিল এই খবৰ। অপহৃত অ’ এন জি চি কৰ্মচাৰী গৰাকীক মুকলি কৰি দিবলৈ আলফা(স্বাঃ)ৰ ওচৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা আবেদনৰ পিছতে, সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই অহা ১-৪ দিনৰ ভিতৰত শইকীয়াক মুকলি কৰি দিয়া হ’ব বুলি জনাইছিল। আৰু আজি তাৰএটা দিন পিছতে আহিল ভাল খবৰটো।

    মুখ্যমন্ত্ৰীৰ আবেদনক সঁহাৰি জনাইয়ে পৰেশ বৰুৱাই এই সিদ্ধান্ত লোৱা বুলি সংবাদ মাধ্যমক জনাইছিল কালি।

    ‘মুখ্যমন্ত্ৰীয়ে এটা দায়িত্বশীল আবেদন কৰিছে। ৰিতুল এতিয়া আমাৰ লগত আছে। মই ৰিতুলৰ মাক-দেউতাকক আশ্বাস দিব বিচাৰো যে তেওঁ ১-৪ দিনৰ ভিতৰত তেওঁৰ ঘৰত উপস্থিত হ’ব’, বুলি কালিতেই পৰেশ বৰুৱাই কৈছিল।

    অৱশ্যে বৰ্তমানলৈকে কোনো ধৰণৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই এই মুকলি সন্দৰ্ভত। আলফাৰ ফালৰ পৰা কোনো ধৰণৰ বিবৃতি প্ৰকাশ কৰা নাই।

    উল্লেখ্য যে অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেশ্যন লিমিটেডৰ আন দুজন কৰ্মচাৰী মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াৰ সৈতে ৰিতুল শইকীয়াক যোৱা ২১ এপ্ৰিলত অসম-নাগালেণ্ড সীমান্তৰ শিৱসাগৰ জিলাৰ লাকুৱা তৈলক্ষেত্ৰৰ পৰা আলফা(স্বাঃ)ই অপহৰণ কৰিছিল।

    আৰু পঢ়ক : মৃত্যুৰ ঠাইলৈ পৰ্যবসিত বকো! এইবাৰ ৰোগীৰে সৈতে এম্বুলেঞ্চ দুৰ্ঘটনাগ্ৰস্ত, ঠাইতে এজনৰ মৃত্যু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং